অসম

নতুন SOP: ৰাজ্যত নিশা ১১.৩০ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন জাৰি…

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল।

অ’মিক্ৰণক লৈ ৰাজ্যত নতুন নিৰ্দেশনা জাৰি।

ৰাজ্যত নিশা ১১.৩০ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন জাৰি।

দেওবাৰৰ ৰা প্ৰযোজ্য হ’ব এই নিয়ম।

অৱশ্যে ৩১ ডিচেম্বৰত নাথাকিব কোনো কাৰ্ফিউ।

ব্যৱসায়ী সকলে নিশা ১০.৩০ বজাত বন্ধ কৰিব লাগিব দোকান, প্ৰতিষ্ঠান।

হোটেল, ধাবা সমূহো ১০.৩০ বজাত বন্ধ কৰিব লাগিব।

সভা সমিতিৰ ক্ষেত্ৰত ৫০ শতাংশ আসনৰ লগতে দুয়োপালি ভেকচিন লোৱা মানুহে ভাগ লব পাৰিব।

চিনেমা হলৰ ক্ষেত্ৰত ৫০ শতাংশ আসনৰ লগতে নিশা ১০.৩০ বজাত বন্ধ কৰিব লাগিব।

দেওবাৰৰ পৰা মাস্ক নিপিন্ধা লোকৰ পৰা জাৰিমনা বিহিব প্ৰশাসনে।

আনহাতে ভেকচিন নোলোৱা লোক সকলক ভেকচিন ল’বলৈ আহ্বান জনাই। অন্যথা দণ্ডাধীশক কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিব চৰকাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *