অসম

থানাৰ ভিতৰত অঘটন! এইখন থানাৰ পৰা হেণ্ডকাফ ছিগি পলাল অপৰাধী, তাৰ পিছত…

লখিমপুৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।

থানাৰ পৰা হেণ্ডকাফ ছিগি পলাল এজন অপৰাধী।

উত্তৰ লখিমপুৰ সদৰ থানাৰ পৰা হেণ্ডকাফ ছিগি পলাইছিল চোৰ।

কিন্তু অপৰাধীক খেদি খেদি কৰায়ত্ব কৰিবলৈ সক্ষম হয় UB কনিষ্টবল আৰু হোমৰ্গাডে।

জানিব পৰা মতে, চুৰিৰ অভিযোগত আটক কৰা এজন অপৰাধীক উত্তৰ লখিমপুৰ সদৰ থানাত হেণ্ডকাফ লগাই থোৱা হৈছিল।

তেনেতে হেণ্ডকাফ ছিগি অপৰাধীজন সদৰ থানাৰ পাছফালে দি পলায়ন কৰে।

কিন্তু এই কথাৰ উমান পায় জিলা কাৰাগাৰৰ সমীপৰ পৰা পলায়ন কৰা অপৰাধী জনক খেদি খেদি কৰায়ত্ব কৰিলে ইউ বি কনিষ্টবল বসন্ত শইকীয়া, গিৰিন্দ গোহাঁই আৰু হোমগাৰ্ড মতিউৰ ৰহমানে।

থানাৰ ভিতৰৰ পৰা হেণ্ডকাফ লগাই থোৱা অপৰাধী এজন পলাই যোৱাক কেন্দ্ৰ কৰি এতিয়া লখিমপুৰ আৰক্ষীক লৈ প্ৰশ্ন উত্থাপন কৰিছে সাধাৰণ লোকে।

Leave a Reply

Your email address will not be published. Required fields are marked *