প্লাষ্টিকৰ নেমুৰ ভিতৰত ভৰাই সৰবৰাহ কৰা ১੦੦ কােটি টকা মূল্যৰ ড্ৰাগছ জব্দ

নিউজ ডেস্ক। বিশ্বজুৰি ড্ৰাগছৰ বিৰুদ্ধে যিমানেই চৰকাৰ-প্ৰশাসন কঠোৰ হৈছে, সিমানেই যেন চতুৰ হৈছে ড্ৰাগছ সৰবৰাহকাৰী আৰু ব্যৱসায়ীসকলো।

ন ন পদ্ধতি অৱলম্বন কৰি ড্ৰাগছৰ সৰবৰাহ কৰি আহিছে ড্ৰাগছ ব্যৱসায়ীসকলে।

শেহতীয়াকৈ সংযুক্ত আৰৱ আমিৰাত (ইউএই)ৰ আৰক্ষীয়ে “নেমু”ৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কেইবা কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ।

FHSdx9-IXw-AYmz-Ww-copy

আচল নেমুৰ মাজত ৰখা প্লাষ্টিকৰ নেমুৰ ভিতৰত ভৰাই সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ কেপ্টাগন টেবলেট। ড্ৰাগছৰ সৰবৰাহৰে জড়িত ৪ জন লোকক ইতিমধ্যে আটক কৰা হৈছে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন আৰৱ দেশৰ নাগৰিক বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, কেপ্টাগন টেবলেট হৈছে এম্ফেটামিন প্ৰকাৰৰ ড্ৰাগছ। এই ড্ৰাগছ বেছিভাগ লেবানন বা ইৰাক আৰু চিৰিয়াত তৈয়াৰ কৰা হয় আৰু চৌদি আৰৱলৈ চোৰাংকৈ সৰবৰাহ কৰা হয়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ডুবাই আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ খিনিৰ বজাৰ মূল্য ১৫.৮ নিযুত ডলাৰ বা ১.১৮ বিলিয়নতকৈও অধিক হব।

আৰক্ষীয়ে এক গোপন সূত্ৰৰ আধাৰত অভিযান চলাই এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ মেজৰ জেনেৰেল খলিল ইব্ৰাহিম আল মনচুৰীয়ে জানিবলৈ দিয়া মতে নেমুৰ ভিতৰৰ পৰা মুঠ ১,১,৬০,৫০০ টা কেপ্টাগন টেবলেট জব্দ কৰা হৈছে।

আল মনচুৰীয়ে প্ৰকাশ কৰা মতে, ধৃত ড্ৰাগছ সৰবৰহাকাৰী কেইজনে ৰেফ্ৰিজেৰেটেড পাত্ৰৰ ভিতৰত ৩,৮৪০ টা নেমুৰ বাকচ কঢ়িয়াই আনিছিল।

আনহাতে এই নেমুৰ বাকচকেইটাৰ ৬৬টাতে আছিল নকল প্লাষ্টিকৰ নেমু। যাৰ ভিতৰত ভৰাই ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা চলাইছিল সৰবৰাহকাৰী কেইজনে।

ইফালে আৰক্ষীয়ে প্ৰকাশ কৰা ড্ৰাগছ সৰবৰাহৰ এটা ভিডিঅ’ত দেখা পোৱা গৈছে এটা লেবানিজ চিহ্ন থকা বাকচ।

প্ৰণিধানযোগ্য যে, কেপ্টাগন ড্ৰাগছ প্ৰস্তুতৰ শীৰ্ষত থকা লেবাননে উপসাগৰীয় দেশ সমূহৰ ড্ৰাগছ বিৰোধী যুঁজত প্ৰায়ে অসহযোগিতা দেখুৱাই আহিছে। যাৰ বাবে লেবাননক এৰাই চলাৰ প্ৰয়াস কৰি আহিছে চুবুৰীয়া ৰাষ্ট্ৰসমূহে।

লগতে চাওকঃ

আপােনাৰ সাপ্তাহিক ৰাশিফল

এদিন পিতৃ-মাতৃয়ে কৰিছিল এলাগী, আজি চৰকাৰী চাকৰিৰে স্বনিৰ্ভৰশীল দুই সংযুক্ত যমজ ভাতৃ

Leave a Comment