অসম

আৰক্ষীৰ সফলতাঃ ISBTত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট…

ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ।

ISBTত নিচাযুক্ত টেবলেটসহ আৰক্ষীৰ জালত পৰিল এজন সৰবৰাহকাৰী।

মঙলবাৰে নিশা ISBTত গড়চুক আৰক্ষীয়ে নিশ্চিত তথ্যৰ ভিত্তিত অভিযান চলায়।

অভিযান কালত মানকাচৰ অভিমুখী এখন নৈশবাছৰ পৰা জব্দ কৰে ৭২০০ পেকেট নিচাজাতীয় টেবলেট।

মজনুৰ আলী নামৰ লোকজনে মহানগৰীৰ ধীৰেনপাৰাৰ পৰা মানকাচৰলৈ সৰবৰাহ কৰাৰ যো–জা চলাইছিল নিচাজাতীয় টেবলেটখিনি।

সৰবৰাহকাৰী মজনুৰ আলীক গ্ৰেপ্তাৰ কৰে গড়চুক আৰক্ষীয়ে।

জব্দ হোৱা নিচাজাতীয় টেবলেটখিনিৰ বজাৰ মুল্য ৫ লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে।

সৰবৰাহকাৰীজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে গড়চুক আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *