অসম

অঘটন! বন্যহস্তী খেদিবলৈ কৰা গুলীচালনাত মৃত্যু দুবছৰীয়া কণমানিৰ, গুলীবিদ্ধ হৈ আহত মাতৃ…

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাতৰ ভয়াৱহ ৰূপ।

ইয়াৰ মাজতে বকোৰ বন্দাপাৰা চেখাদাৰীত সংঘটিত হৈছে এক অঘটন।

বন্যহস্তী খেদিবলৈ কৰা গুলীচালনাত মৃত্যু দুবছৰীয়া কণমানিৰ, গুলীবিদ্ধ হৈ আহত মাতৃ।

জানিব পৰা মতে, বনৰীয়া হাতী খেদিবলৈ কৰা গুলী চালনাত গুলীবিদ্ধ হয় মাতৃ আৰু এগৰাকী কনমানি কন্যা সন্তান।

কিন্তু কন্যা শিশুটি পিছত সেই গুলীৰ আঘাততেই প্ৰাণ হেৰুৱাই। কন্যাটিৰ নাম আৰ্বি দৈমাৰী বয়স মাত্ৰ ২ বছৰ।

আনহাতে আঘাতপ্ৰাপ্ত মহিলাগৰাকী মালবিকা দৈমাৰী, বয়স ২৫ বছৰ।

মাতৃৰ ডিঙিত আঘাত কৰিছে বনবিভাগৰ গুলীয়ে।

ততাতৈয়াকৈ মাতৃগৰাকীক হাস্পতাললৈ প্ৰেৰণ কৰে স্থানীয় লোকে।

লগতে চাওকঃ

‘হৰ ঘৰ দস্তক’ অভিযানত নিয়ােজিত শিক্ষয়িত্ৰী কৰবী বৰুৱাৰ দুৰ্ঘটনাত মৃত্যু

Leave a Reply

Your email address will not be published. Required fields are marked *