কৰ্মসংস্থানৰ বাবে বহি:ৰাজ্যত গৈ মৃত্যু অসমৰ যুৱকৰ, দুৰ্বৃত্তই হত্যা কৰিলে তন্ময় নাথক…

কৰ্মসংস্থানৰ বাবে বহি:ৰাজ্যলৈ গৈ মৃত্যুক সাৱটিলে এগৰাকী অসমীয়া যুৱকে।

কৰ্মসংস্থানৰ বাবে অসমৰ পৰা গোৱা ( GOA ) যোৱাৰ পথত অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটক ৰাজ্যৰ সীমান্তত অচিনাকি দুৰ্বৃত্তই হত্যা কৰে হাইলাকান্দি জিলাৰ মোহনপুৰ গাওঁৰ বাসিন্দা তন্ময় নাথক।

যোৱা সোমবাৰে হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ মোহনপুৰ গাওঁৰ বাসিন্দা তন্ময় নাথ নামৰ এজন যুৱক কৰ্মসংস্থানৰ বাবে ট্ৰেইনত ৰওনা হৈছিল গোৱাৰ উদ্দেশ্যে ।

কিন্তু অন্ধ্ৰ প্ৰদেশ পোৱাৰ পিছতে যোৱা বুধবাৰে নিশা একাংশ অচিনাকি দুৰ্বৃত্তই তেওঁক খেদিব আৰম্ভ কৰে।

এই সকলো কথা ফোন যোগে নিজ পত্নী চম্পা নাথ আৰু মাতৃ স্বপ্না নাথক অবগত কৰে তন্ময়ে।

কিন্তু ইয়াৰ পিছতেই মোবাইল ফোনটো বন্ধ হৈ পৰে যুৱকজনৰ। তাৰপিছতেই ৯ ডিচেম্বৰ বৃহস্পতিবাৰে তন্ময়ৰ মৃতদেহ কৰ্ণাটকৰ এটা ৰেল ষ্টেচনৰ ট্ৰেকত উদ্ধাৰ হৈছে বুলি ঘৰত খবৰ আহে।

পৰিয়ালৰ একমাত্ৰ পুত্ৰক হেৰুৱাই এতিয়া শোকত ভাগি পৰিছে তন্ময়ৰ পৰিয়াল।

মাতৃ,পত্নীৰ বাহিৰে তন্ময় নাথৰ পৰিয়ালত আছে ৪ আৰু ৫ বছৰীয়া দুই কন্যা সন্তান।

এনে পৰিস্থিতিত দক্ষিণ ভাৰতত গৈ মৃতদেহ লৈ অহা প্ৰায় অসম্ভৱ হৈ পৰিছে পৰিয়ালটোৰ বাবে।

যাৰ বাবে মতৃদেহটো অনাত চৰকাৰ তথা হাইলাকান্দি জিলা প্ৰশাসনৰ সহায় বিচাৰিছে পৰিয়ালটোৱে।

লগতে চাওকঃ

‘হৰ ঘৰ দস্তক’ অভিযানত নিয়ােজিত শিক্ষয়িত্ৰী কৰবী বৰুৱাৰ দুৰ্ঘটনাত মৃত্যু

Leave a Comment