আৰক্ষী আৰু CRPF যুটীয়া অভিযান।
গোপন তথ্যৰ ভিত্তিত অভিযান চলাই শনিবাৰে নিশা শিলচৰত দহ হাজাৰ ‘ডব্লিও ৱাই’ নিচা জাতীয় টেবলেট জব্দ কৰে৷
শিলচৰৰ পৰা চাৰি কিমি দুৰৰ কাশীপুৰ নিয়াৰগ্ৰামৰ পৰা জব্দ কৰা হয় টেবলেট খিনি৷
লগতে অভিযানকলাত দুজন সৰবৰাহ কাৰীক আটক কৰা হয়৷
আটক জিয়াউল হক লস্কৰ আৰু চাহিদ আহমেদ লস্কৰ। দুয়োজনৰ ঘৰ শিলচৰ ৰংপুৰত।
এজন ড্ৰাগছ ব্যৱসায়ীক হস্তান্তৰ কৰিবলৈ নিয়াৰ সময়ত টেবলেট খিনি জব্দ কৰা হয়৷
আৰক্ষীৰ মতে, ড্ৰাগছ ব্যৱসায়ী জনক ৩০ হাজাৰ টেবলেট হস্তান্তৰ কৰাৰ কথা আছিল৷
কিন্তু দহ হাজাৰ টেবলেট হস্তান্তৰৰ উদ্দেশ্যে নিয়াৰ সময়তে হাতেলোটে ধৰা পৰে টেবলেট সহ সৰবৰাহকাৰী৷
টেবলট সহ ধৃত জিয়াউল হক আৰু চাহিদ আহমেদক শিলচৰ সদৰ থানালৈ নি সোধাপোছা কৰা হয়৷
পিচত ধৃতদ্বয়ক লগত লৈ নিশা আৰক্ষী আৰু চিআৰপিএফে পুনৰ সম্ভাব্য স্হানত অভিযান চলায়৷
কিন্তু দ্বিতীয়বাৰৰ অভিযানত সফলতা লাভ কৰিব নোৱাৰিলে অভিযানকাৰী দলটোৱে।









