নাগালেণ্ডত ভয়াৱহ গুলীচালনা! নিহত ১৪ জন, শ্বহীদ এজন সেনা জোৱান…

নাগালেণ্ডত ভয়াৱহ গুলীচালনাৰ ঘটনা।

নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৰ ম’ন জিলাত শনিবাৰে সন্ধিয়া ভাৰতীয় সেনাৰ নিৰ্বিচাৰ গুলীবৰ্ষণত ১৪ গৰাকী গাঁওবাসী নিহত হোৱা ঘটনাক লৈ সম্প্ৰতি সমগ্ৰ নাগালেণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

জানিব পৰামতে শনিবাৰে ম’ন জিলাৰ অ’টিঙ গাঁৱৰ কিছু গঞাই নিজৰ দৈনন্দিন কাম-কাজ কৰি লৱাৰ তিৰু গাঁৱৰ পৰা অটিঙ গাঁৱলৈ এখন পিক আপ গাড়ীৰে উভতি গৈ থকাৰ সময়তে সেনাই বিদ্ৰোহী বুলি সন্দেহ কৰি গাড়ীখন লৈ ভীষণ গুলীবৰ্ষণ কৰে।

ফলত বাহনতখনত যোৱা ১৪ লোকক থিতাতে নিহত হয়।

জানিব পৰামতে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে কিয়নো সেনাৰ গুলীবৰ্ষণ ছেদেলি-ভেদেলি হৈ পৰা বহুজন লোক এতিয়াও সন্ধানহীন হৈ আছে।

অৱশ্যে সেনাই কি কাৰণ বাহনখনৰ ওপৰত এনেদৰে গুলীবৰ্ষণ কৰিলে সেই সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই।

ইপিনে ঘটনাক লৈ স্থানীয় ৰাইজ আৰু ২১ পেৰা কামাণ্ডোৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নিৰীহক হত্যাৰ অভিযোগ তুলিছে অ’টিংবস্তিবাসীয়ে।

উত্তেজিত লোকে জ্বলাই দিলে সেনা বাহিনীৰ দুখনকৈ বাহন।

নগাৰ আক্ৰমণত নিহত হৈছে সেনা জোৱান গৌতম লাল। আনহাতে আহত হৈছে সেনা জোৱান পংকজ নাগ, অজয় তুৰাত, হৰেন্দ্ৰ থাপা, মান সিং, দুটাৰাম ঘালে আৰু সুভাষ বসুমতাৰী।

Leave a Comment