ৰাষ্ট্ৰীয়অসমীয়া

প্ৰবীণ সাংবাদিক বিনােদ দুৱাৰ পৰলােকপ্ৰাপ্তি

নিউজ ডেস্ক। দেশৰ আগশাৰীৰ সাংবাদিক বিনােদ দুৱাৰ পৰলােকপ্ৰাপ্তি।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৭ বছৰ।

তেওঁৰ জীয়ৰী মল্লিকা দুৱাই তেওঁৰ মৃত্যুৰ খবৰটো ইনষ্টাগ্ৰাম প’ষ্টৰ জৰিয়তে নিশ্চিত কৰে।

জানিব পৰা মতে, ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰৱৰ্তী কালছােৱাত তেওঁ শাৰীৰিক অৱস্থা দ্ৰুতভাৱে অৱনতি ঘটিছিল। যাৰ বাবে তেওঁ বহু বাৰ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়াত পৰিছিল।

Captures-copy

চলিত বছৰৰ আৰম্ভণিতে ক’ভিড-১৯ ৰ সংক্ৰমণত দুৱাৰ পত্নী তথা ৰেডিঅ’লজিষ্ট পদ্মাৱতী ‘চিন্না’ৰ মৃত্যু ঘটিছিল।

উল্লেখ্য যে প্ৰয়াত দুৱা বিগত ৪ দশকৰাে অধিক কাল সক্ৰিয়ভাৱে সাংবাদিকতাৰ সৈতে জড়িত আছিল।

দূৰদৰ্শন, এনডিটিভি, ইণ্ডিয়া টুডেৰ লগতে অন্য একাধিক সংবাদ প্ৰতিষ্ঠানত তেওঁ কাম কৰিছিল।

কাইলৈ অৰ্থাৎ ৫ ডিচেম্বৰত নতুন দিল্লীৰ লােধি শ্মশানত তেওঁ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব।

লগতে চাওকঃ

পথ দুৰ্ঘটনাত অকালতে প্ৰাণ গ’ল আৰক্ষী জােৱান মনোৰঞ্জন গগৈৰ

Leave a Reply

Your email address will not be published. Required fields are marked *