ভাৰতত পোহৰলৈ আহিছে তৃতীয়টো অ’মিক্ৰণৰ ঘটনা।
এইবাৰ গুজৰাটত এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে অ’মিক্ৰণ।
গুজৰাটত আফ্ৰিকান দেশৰ পৰা উভতি অহা এজন ব্যক্তিৰ শৰীৰত অ’মিক্ৰণৰ উপস্থিতি ধৰা পৰিছে বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে।
জানিব পৰা মতে, গুজৰাটৰ জামনগৰৰ বাসিন্দা ব্যক্তিগৰাকীয়ে জিম্বাবুৱেৰ পৰা ভাৰতলৈ উভতি অহাৰ সময়তে বিমান বন্দৰত কৰা বাধ্যতামূলক ক’ভিড পৰীক্ষাত ব্যক্তিগৰাকীৰ শৰীৰত অ’মিক্ৰণৰ উপস্থিতি ধৰা পৰে।
ইয়াৰ পূৰ্বে কৰ্ণাটকত দুজন ব্যক্তিৰ শৰীৰত অ’মিক্ৰণৰ উপস্থিতি ধৰা পৰিছিল।









