অসম

পবিত্ৰ ৰাসৰ নামত বহুৱালি, চুটি পোছাক পিন্ধি মঞ্চত উদ্দাম নৃত্য! সৰ্বত্ৰে ধিক্কাৰ…

পবিত্ৰ ৰাসৰ নামত মৰিগাঁৱত চলিল বহুৱালি।

শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন কৰিবলৈ গৈ এইদৰে কৃষ্টি-সংস্কৃতিক লৈ মৰিগাঁৱৰ বৰঙাবাৰীত কৰা হ’ল ল’ৰা ধেমালি।

উল্লেখ্য যে, পবিত্ৰ ৰাস মহোৎসৱ উপলক্ষে দেওবাৰৰ দিনটোত মৰিগাঁৱত অনুষ্ঠিত হৈছিল ল’ৰা ৰাস।

এই ল’ৰা ৰাসত একাংশ শিল্পীয়ে চুটি পোছাক পিন্ধি মঞ্চত উদ্দাম নৃত্য কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

একাংশৰ এই কাৰ্যক সকলোৱে এতিয়া একেমুখে ধিক্কাৰ দিছে।

মৰিগাঁৱৰ এই ৰাসৰ দৃশ্যত চুটি চুটি কাপোৰ পিন্ধি কৰা উদ্দাম নৃত্যই ভক্তপ্ৰাণ ৰাইজক ব্যথিত কৰি তুলিছে।

ধাৰ্মিক অনুষ্ঠানক বজৰুৱা সংস্কৃতিলৈ পৰ্যবসিত কৰা এই ৰাসৰ দৃশ্যক লৈ সৰ্বত্ৰ চলিছে আলোচনা।

একাংশ যুৱকে গোপীৰ ভাওধৰি ৰাসৰ নামত অশ্লীলতাৰ পয়োভৰ ঘটোৱাৰ কাৰ্যক সহজভাৱে লোৱা নাই দল সংগঠনে।

এনে প্ৰতিক্ৰিয়াৰ পিছতেই মৰিগাওঁ বৰঙাবাৰীৰ লৰাৰ ৰাস আয়োজন কৰা আয়োজকসকলে কৰজোৰে তেনে ভুলৰ বাবে অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰে।

আয়োজকসকলে স্বীকাৰ কৰি লয় যে, শ্ৰীকৃষ্ণৰ ৰাস লীলাৰ গইনাৰে তেওঁলোকে গোপীৰ ভাওলৈ যি নৃত্যৰ আচৰণ কৰিছিল সেইয়া হ’ব নালাগিছিল।

সমগ্ৰ বিষয়টোৰ বাবে দুখ ব্যক্ত কৰি ভৱিষ্যতে এনে নকৰাৰ প্ৰতিশ্ৰুতিৰে ৰাস আয়োজক আৰু এই নৃত্যত ভাও লোৱা শিল্পীসকলে কৃষ্টি-সংস্কৃতিৰ নামত এনে বহুৱালি নকৰাৰ আশ্বাস দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *