অসম

লেফেটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ উত্তম যুদ্ধ সেৱা মেডেল…

লেফেটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ আগবঢ়োৱা হৈছে উত্তম যুদ্ধ সেৱা মেডেল।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই সন্মান আগবঢ়াই অসম সন্তান ৰাণা প্ৰতাপ কলিতাক।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে তেওঁ অতি বিশিষ্ট সেৱা মেডেল আৰু বিশিষ্ট সেৱা মেডেলো লাভ কৰিছিল।

ভাৰতীয় সেনাত কৰ্মৰত ৰাণা প্ৰতাপ কলিতাৰ ঘৰ ৰঙিয়াত।

তেওঁ বৰ্তমান নাগালেণ্ডৰ ডিমাপুৰত থকা বেছ-৩ কৰ্পছৰ জি অ’ চি।

উল্লেখযোগ্য যে পূৰ্বতে এই সন্মান ঘোষণা কৰা হৈছিল যদিও ক’ভিড পৰিস্থিতিৰ বাবে সন্মান প্ৰদানত পলম হৈছিল।

উত্তম যুদ্ধা সেৱা মেডেল লাভ কৰা ৰাণা প্ৰতাপ কলিতাক অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *