অসম

যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈৰ মাতৃৰ বিয়োগ…

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ মাতৃৰ বিয়োগ।

চৰাইদেও জিলাৰ সোণাৰিৰ ৰজাপুখুৰী স্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত সাংসদ গৰাকীৰ মাতৃ সৰুমাই গগৈৰ মৃত্যু হয়।

FEd-o-FVk-AMe-IYy

মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮০ বছৰ।

উল্লেখযোগ্য যে কংগ্ৰেছৰ দূৰ্গ হিচাপে খ্যাত যোৰহাট লোকসভা সমষ্টিটো একেৰাহে ৫ বাৰ প্ৰাক্তন সাংসদ বিজয় কৃষ্ণ সন্দিকৈৰ দখলত আছিল যদিও ২০১৪ চনত প্ৰথমবাৰৰ বাবে বিজেপিৰ কামাখ্যা প্ৰসাদ তাচা জয়ী হৈছিল।

আৰু ২০১৯ চনত বিজেপিৰ হৈ তপন কুমাৰ গগৈ জয়ী হৈছিল।

নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালেও সাংসদ গৰাকীৰ মাতৃৰ বিয়োগত শোক প্ৰকাশ কৰিছেল।

Leave a Reply

Your email address will not be published. Required fields are marked *