অসমঅসমীয়া

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিমূৰ্তি উন্মোচন সাংসদ পুত্ৰ গৌৰৱ গগৈৰ

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ আদৰ্শ আৰু স্মৃতিক যুগমীয়া কৰি ৰাখিবলৈ উদ্যােগ ল’লে এগৰাকী কংগ্ৰেছ বিধায়কে।

সেই উদ্দ্যেৰেশই বিধায়কজনৰ উদ্যােগত স্থাপন কৰা হ’ল প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ এটি পূৰ্ণাৱয়ন প্ৰতিমূৰ্তি।

এই কংগ্ৰেছ বিধায়কজন হৈছে ৩৭ নং পূব গােৱালপাৰা সমষ্টিৰ বিধায়ক এ কে ৰছীদ আলম।

গোৱালপাৰাৰ ভালুকডুবিস্থিত বালিজানা ব্লক কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনৰ চৌহদত স্থাপন কৰা গগৈৰ প্ৰতিমূৰ্তিটো সােমবাৰে দুপৰীয়া উন্মোচন কৰে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈয়ে।

FESu-Ny0-VUAQn-DJq

প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ পিছতে প্ৰতিমূৰ্তিৰ কাষত থিয় হৈ আৱেগিক হৈ পৰে পুত্ৰ গৌৰৱ গগৈ।

এই অনুষ্ঠানত উপস্থিত থকা বিধায়ক ৰকিবুল হুছেইন আৰু নেতা-কৰ্মীসকলো আৱেগিক হৈ পৰে। প্ৰতিমূৰ্তি উন্মোচনৰ পাছতে এখন সভা অনুষ্ঠিত হয়।

FEPk-DPVVc-AIE7z-I

কংগ্ৰেছৰ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইন, পূব আৰু পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক ক্ৰমে এ কে ৰছিদ আলম আৰু আব্দুৰ ৰছিদ মণ্ডল, কংগ্ৰেছী নেতা মানস বৰা প্ৰমুখ্যে জিলা আৰু মণ্ডল কংগ্ৰেছৰ বহু নেতা -কৰ্মী এই অনুষ্ঠানত উপস্থিত থাকি তৰুণ গগৈয়ে ৰাজ্যৰ ৰাজনীতিত আগবঢ়োৱা নিস্বাৰ্থ সেৱা আৰু তেওঁৰ কৰ্মময় জীৱনৰ আলোকপাত কৰে।

উল্লেখ্যযোগ্য যে পূব গোৱালপাৰাৰ বিধায়ক এ কে ৰছিদ আলমৰ একক প্ৰচেষ্টাৰে কলকাতাৰ এগৰাকী শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা প্ৰতিমূৰ্তিটো স্থাপনৰ বাবে চলিত বৰ্ষৰ ত্ৰিশ জানুৱাৰীতে বালিজানা ব্লক কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ চৌহদত আধাৰশিলা স্থাপন হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *