লামডিং বনাঞ্চলত অবৈধ বেদখলকাৰীক সংস্থাপন দিয়া ভূ-মাফিয়া নজৰুলক গ্ৰেপ্তাৰ…

লামডিং বনাঞ্চলত অবৈধ বেদখলকাৰীক সংস্থাপন দিয়া দালাল নজৰুলক গ্ৰেপ্তাৰ।

ভূ মাফিয়া নজৰুলে লামডিং বনাঞ্চলৰ চৰকাৰী ভূমিত ধনৰ বিনিময়ত বহুৱাইছিল একাংশ লোকক।

উচ্ছেদৰ সময়ত পোহৰলৈ আহিছিল নজৰুলৰ নাম।

ইয়াৰ পিছতে নজৰুলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অৱশেষত হোজাইৰ নখুঁটিৰ পৰা গ্ৰেপ্তাৰ কৰা হয় নজৰুলক।

নজৰুলৰ লগতে আনোৱাৰ নামৰ এজন ব্যক্তিকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

দুয়ো লগ লাগি লামডিং বনাঞ্চলত মাটিৰ দালালি কৰিছিল।

আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ প্ৰচেষ্টাত গ্ৰেপ্তাৰ কৰা হয় নজৰুল ইছলামক।

বৰ্তমান নজৰুল ইছলামক আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থই চলাই আছে জেৰা।

Leave a Comment