অলিম্পিকৰ পদক লৈ মাতৃভূমিত পদাৰ্পন কৰিলে বজ্ৰকন্যা লাভলীনা বৰগোহাঁই…

বিশ্ববাসীৰ সন্মুখত অসমৰ নাম উজলাই মাতৃভূমিত উপস্থিত হ’ল বজ্ৰকন্যা লাভলীনা।

অলিম্পিকৰ পদক লৈ অসমত পদাৰ্পন কৰিলে লাভলীনাই।

পুৱা ৯ঃ১৫ বজাত গুৱাহাটী বিমান বন্দৰত উপস্থিত হ’ব লাভলীনা।

বিমান বন্দৰত লাভলীনাক উষ্ম আদৰণি জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

গামোচা, ফুলৰ থোপা, জাপিৰে লাভলীনাক আদৰণি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

টকিঅ’ অলিম্পিকত পদক জয় কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজ্যত ভৰি দিলে লাভলীনাই।

বৰঝাৰ বিমানবন্দৰত লাভলীনাক আদৰিবলৈ উপস্থিত হৈছে ৰাজ্য চৰকাৰৰ কেইবাৰাকীও মন্ত্ৰী।

বৰঝাৰ বিমানবন্দৰত দেখিবলৈ পোৱা গৈছে এক উৎসৱমুখৰ পৰিৱেশ।

বিহু হুচৰিৰে আদৰণি জনোৱা হয় লাভলীনাক।

লাভলীনাক আদৰিবলৈ বৰঝাৰত উপস্থিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ এটি সজাতি দল।

দিল্লীৰ পৰা পিতৃ টিকেন বৰগোহাঁইৰ সৈতে মাতৃভূমিত উপস্থিত হয় লাভলীনা।

বিয়লি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা সম্বৰ্ধনা অনুষ্ঠানত ভাগ ল’ব লাভলীনাই।

ক’ভিড প্ৰ’টকল অনুসৰি অসম চৰকাৰ আৰু অসম অলিম্পিক সন্থাই জনাব সম্বৰ্ধনা।

ইয়াৰ পাছত লাভলীনা যাব ৰাজভৱনলৈ।

ৰাজ্যপালে লাভলীনাক জনাব বিশেষ সম্বৰ্ধনা।

নিশাৰ ভাগত হোটেল ৰেডিচন ব্লুত অসম বক্সিং সন্থাই আয়োজন কৰা নৈশ ভোজত ভাগ ল’ব লাভলীনাই।

Leave a Comment