অসম ৰাইফলছৰ অভিযানত নিহত NSCN-K গোটৰ তিনিজন দুৰ্ধৰ্ষ উগ্ৰপন্থী…

অসম ৰাইফলছৰ অভিযানত নিহত NSCN-K গোটৰ তিনিজন দুৰ্ধৰ্ষ উগ্ৰপন্থী।

সোমবাৰে অৰুণাচল প্ৰদেশৰ লংডিং অঞ্চলত অসম ৰাইফলছৰ সৈতে হোৱা সংঘৰ্ষত NSCN-K গোটৰ তিনিগৰাকী দুৰ্ধৰ্ষ কেডাৰ নিহত হয়।

নিৰাপত্তাৰক্ষী বাহিনীৰ সূত্ৰই জানিব দিয়া অনুসৰি উগ্ৰপন্থী সদস্যসকলে অপহৰণৰ উদ্দেশ্য লৈ আহিছিল।

ইয়াৰ পিছতে অসম ৰাইফলছৰ জোৱানসকলে দক্ষিণ অৰুণাচল প্ৰদেশৰ লংডিঙৰ ৱাকা চক্ৰ অঞ্চলৰ খোকোলা বনাঞ্চলত উগ্ৰপন্থী সংগঠনটোৰ সদস্যসকলক আটক কৰিবলৈ অভিযান চলাইছিল যদিও উগ্ৰপন্থীৰ সৈতে গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়।

এই গুলীচালনাত উগ্ৰপন্থী সংগঠনটোৰ তিনিজন কেডাৰ মৃত্যুমুখত পৰে।

বৰ্তমান নিৰাপত্তাৰক্ষী বাহিনীয়ে উক্ত অঞ্চলত অভিযান অব্যাহত ৰাখিছে।

Leave a Comment