কাজিৰঙাত বনৰীয়া ম’হৰ ৰহস্যজনক মৃত্যু…

কাজিৰঙাত বনৰীয়া ম’হৰ কৰুণ মৃত্যু।

কাজিৰঙাৰ পৰা খাদ‍্যৰ সন্ধানত জনাৰন্যলৈ ওলাই অহা এটা বনৰীয়া ম’হৰ মৃত অৱস্থাত উদ্ধাৰ হয়।

কলিয়াবৰৰ জখলাবন্ধা থানাৰ অন্তৰ্গত পাহাৰগুৰি গাঁৱৰ স্থানীয় লোকে ম’হটো মৃত অৱস্থাত দেখা পাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কতৃপক্ষক অবগত কৰে।

পিছত ঘটনাস্থলীত বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া উপস্থিত হৈ ম’হটো উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।

স্থানীয় লোকৰ মতে খাদ্যৰ সন্ধাধত ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰোতে তীব্ৰবেগী গাড়ীয়ে খুন্দা মৰাৰ ফলতেই ম’হটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে।

মুৰত আৰু আন ঠাইত আঘাটৰ চিন পোৱা গৈছে বুলিও জানিবলৈ দিয়ে বন বিষয়াই।

দৈনিক ম’হৰ জাকে স্থানীয় কৃষকৰ ধান খাই বিস্তৰ ক্ষতি সাধন কৰা বুলিও জানিবলৈ দিয়ে স্থানীয় লোকে।

Leave a Comment