ৰাজ্যত কৰ’ণাৰ ভয়াৱহ সংক্ৰমণ, এইখন স্কুলৰ দুগৰাকী শিক্ষাগুৰুসহ ১৫ গৰাকী শিক্ষাৰ্থী কৰ’ণা পজিটিভ…

ৰাজ্যত পুনৰ আৰম্ভ হৈছে কৰ’ণাৰ ভয়াৱহ সংক্ৰমণ।

শিৱসাগৰৰত পুনৰ এখন বিদ্যালয়ৰ ১৫ গৰাকী ছাত্ৰ ছাত্ৰীসহ দুগৰাকী শিক্ষক-শিক্ষয়িত্ৰী ক’ভিডত আক্ৰান্ত।

শিৱসাগৰ কালুগাঁও বৰপাত্ৰদ’ল হাইস্কুলৰ প্ৰধান শিক্ষক, তেওঁৰ শিক্ষয়িত্ৰী পত্নী আৰু ১৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড।

প্ৰথমে প্ৰধান শিক্ষক গৰাকী কিছু জ্বৰ পানী লগা হোৱাত চিকিৎসালয়ত ক’ভিড পৰীক্ষা কৰে। ফলাফলত  ক’ভিডৰ উপস্থিতি ধৰা পৰে। লগে লগে একেখন বিদ্যালয়তে শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত পত্নীকো ক’ভিড পৰীক্ষা কৰাত পজিটিভ বুলি নিশ্চিত হ’য়।

ইয়াৰ লগে লগে ছাত্ৰ ছাত্ৰী সকলৰ ক’ভিড পৰীক্ষা কৰা হয়। ১০৪ গৰাকী ছাত্ৰ ছাত্ৰী থকা হাইস্কুল খনত ১৫ গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত ধৰা পৰে ক’ভিড।

সকলো ছাত্ৰ ছাত্ৰীৰে স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বিদ্যালয়খনত যোৱা শনিবাৰৰ পৰা দশম শ্ৰেণীৰ ছয়মহীয়া পৰীক্ষা আৰম্ভ হৈছিল। 

সোমবাৰে ছাত্ৰ ছাত্ৰীৰ দেহত ক’ভিড-১৯ ধৰা পৰাত বাকী থকা বিষয় সমূহৰ পৰীক্ষা বাতিল কৰাৰ লগতে আন আন শ্ৰেণীৰ পাঠদানো বন্ধ কৰি দিয়া হয়।

উল্লেখ্য যে, ৫ দিনত শিৱসাগৰৰ তিনিখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী ক’ভিড আক্ৰান্ত হোৱাত উদ্বিগ্ন হৈ পৰিছে জিলা প্ৰশাসন ।

Leave a Comment