নিউজ ডেস্ক। হিমাচল প্ৰদেশত পুনৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।
কিন্নাওৰ অঞ্চলত পাহাৰ ভাঙি প্ৰকাণ্ড প্ৰকাণ্ড শিল বাগৰি আহি পৰিলেহি ৰাষ্ট্ৰীয় ঘাইপথত আহি থকা এখন যাত্ৰীবাহী বাছ, এখন ট্ৰাক আৰু বহুতো গাড়ীত।
PM @narendramodi spoke to Himachal Pradesh CM @jairamthakurbjp regarding the situation in the wake of the landslide in Kinnaur. PM assured all possible support in the ongoing rescue operations.
— PMO India (@PMOIndia) August 11, 2021
ঘটনাত প্ৰায় বহু লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা যায়। বহুতৰে মৃত্যুৰ আশংকা কৰা হৈছে।
এই ঘটনা বুধবাৰে দুপৰীয়া সংঘটিত হয় পেও-চিমলা ৰাষ্ট্ৰীয় ঘাইপথত।
এই পৰ্যন্ত ১੦ জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী ITBP ৰ জােৱানসকলে।
A landslide reported on Reckong Peo- Shimla Highway in #Kinnaur District in Himachal Pradesh today at around 12.45 Hrs. One truck, a HRTC Bus and few vehicles reported came under the rubble. Many people reported trapped. ITBP teams rushed for rescue. More details awaited. pic.twitter.com/ThLYsL2cZK
— ITBP (@ITBP_official) August 11, 2021
সূত্ৰ অনুসৰি, ঘটনাৰ পিছতেই আইটিবিপিৰ জোৱান উপস্থিত হয় ঘটনাস্থলীত। আৰু দ্ৰুতগতিত চলায় উদ্ধাৰ অভিযান।
উদ্ধাৰ কাৰ্যৰ বাবে ঘটনাস্থলীলৈ ৰাওনা হয় NDRF সহ আন উদ্ধাৰকাৰী দল।
এই পৰ্যন্ত ১৪ জন লােকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী বাহিনীয়ে।
Landslide in Himachal's Kinnaur hits a bus and a truck, several feared trapped. ITBP team rushed for rescue ops. @IndiaToday pic.twitter.com/J2dJrHWFkT
— Shiv Aroor (@ShivAroor) August 11, 2021
উল্লেখ্য যে ঘটনাৰ খবৰ লয় হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে। তেওঁ আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াক ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ দিয়ে।
ইপিনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়েও এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। লগতে ৰাজ্য চৰকাৰক উদ্ধাৰ অভিযানৰ বাবে সকলাে ধৰণে সহযােগিতা আগবঢ়ােৱা বুলি জনাইছে।









