গঁড় খড়্গ গোপন সৰবৰাহত জড়িত থকাৰ অপৰাধত কাজিৰঙাৰ বনকৰ্মীক গ্ৰেপ্তাৰ…

গঁড় খড়্গ গোপন সৰবৰাহত জড়িত থকাৰ অপৰাধত কাজিৰঙাৰ বনকৰ্মীক গ্ৰেপ্তাৰ।

চোৰাং ব্যৱসায়ৰ সৈতে জড়িত দুজন ব্যক্তিক বুধবাৰৰ দিনা গ্ৰেপ্তাৰ কৰিছে পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ সংমণ্ডল প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈয়ে।

গ্ৰেপ্তাৰ হোৱা লোক দুজন হ’ল কুঠৰীৰ আব্দুল আলী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰেই বন কৰ্মী বিমলা শইকীয়া।

১৮ আগষ্টত গ্ৰেপ্তাৰ হোৱা নীলবাগানৰ ব্যৱসায়ী ৰহিমুদ্দিনৰ স্বীকাৰোক্তিৰ আধাৰত গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে বনকৰ্মী বিমলা শইকীয়াক ইয়াৰ পুৰ্বেও গঁড়ৰ খৰ্গৰ গোপন ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধ আটক কৰা হৈছিল।

বন বিভাগৰ জেৰাত ধৃত ব্যৱসায়ী ৰহিমুদ্দিনে আৰু আব্দুল আলীয়ে দিয়া স্বীকাৰোক্তি মতে কাজিৰঙাৰ পৰা দুটাকৈ গঁড়ৰ খৰ্গ গোপনে তেওঁলোকে সংগ্ৰহ কৰিছিল আৰু এই দুয়োটা খৰ্গৰ যোগান ধৰিছিল বনকৰ্মী বিমলা শইকীয়াই।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বহু সময়ত গঁড়ৰ শৰীৰৰ পৰা সৰি পৰা খৰ্গ সংগ্ৰহ কৰি অতি সংগোপনে চোৰাং বাযৱসায়ীক যোগান ধৰিছিল বিমলা শইকীয়াই যাৰ বাবে পুৰ্বতেও গ্ৰেপ্তাৰ হব লগা হৈছিল বিমলা শইকীয়া।

Leave a Comment