অৱশেষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিডৰত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান।
শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ অধীনৰ পঞ্চম সংযোজনৰ হালধীবাৰী এনিমেল কৰিডৰত বোকাখাত মহকুমা প্ৰশাসন আৰু বন বিভাগে চলালে উচ্ছেদ অভিযান।
২০১৯ চনৰ ১২ এপ্ৰিলৰ পিছত নিৰ্মাণ কৰা গ্ৰীণ আছিয়ান নামৰ ব্যক্তিগত ৰিজৰ্টখনৰ বাউণ্ডেৰী ৱাল, কটেজ সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ জাননী জাৰী কৰিছিল গোলাঘাট জিলা প্ৰশাসনে।
উল্লেখ্যে যে কাজিৰঙাৰ ৯টা এনিমেল কৰিডৰত অবৈধ নির্মাণক লৈ উচ্চতম ন্যায়ালয়ৰ নির্দেশৰ পিছতেই তৎপৰ হৈছে গোলাঘাট, নগাওঁ জিলা প্ৰশাসনৰ লগতে বন বিভাগ।
যোৱা ৬ অক্টোবৰত ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এক পত্ৰযোগে চাৰি সপ্তাহৰ ভিতৰত এই কৰিডৰসমূহত চলা নির্মাণকার্য সম্পূর্ণৰূপে উচ্ছেদ কৰিবলৈ নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে।
সেই নিৰ্দেশনা অনুসৰিয়েই শনিবাৰে গোলাঘাট প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি উচ্ছেদ অভিযান চলায় বোকাখাত মহকুমা প্ৰশাসনে।









