অসম

ভাল খবৰ! ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নীতকৰণৰ বাবে কেন্দ্ৰই মুকলি কৰিলে ২৭২.২৫ কোটি টকা…

ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে এক ভাল খবৰ।

ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নীতকৰণৰ বাবে কেন্দ্ৰই মুকলি কৰিলে ২৭২.২৫ কোটি টকা।

ৰাজ্যখনৰ গ্ৰাম্য আৰু নগৰাঞ্চলৰ স্বাস্থ্যখণ্ডৰ জটিল আসোৱাহসমূহ প্ৰাথমিক স্তৰতে নিৰ্মূলৰ বাবে এই অনুদান প্ৰদানৰ কথা প্ৰকাশ কৰিছে বিত্তীয় বিভাগে। 

অসমকে ধৰি দেশৰ ১৯ খন ৰাজ্যলৈ অনুমোদন জনোৱা এই ধন পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰি মুকলি কৰা হৈছে। 

আয়োগে প্ৰদান কৰা এই অনুদানৰ ভিতৰত আছে ৭০,০৫১ কোটি টকাৰ স্বাস্থ্য অনুদান।

ইয়াৰে গ্ৰামাঞ্চলৰ বাবে প্ৰদান কৰা হৈছে ৪৩,৯২৮ কোটি টকা আৰু নগৰাঞ্চলৰ বাবে প্ৰদান কৰা হৈছে ২৬,১২৩ কোটি টকা।

অসমৰ লগতে উত্তৰ-পূবৰ আন আন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, মিজোৰাম, ছিকিম, মণিপুৰলৈ আগবঢ়োৱা হৈছে এই অনুদান।  

Leave a Reply

Your email address will not be published. Required fields are marked *