নিউজ ডেস্ক। ৰাজ্যজুৰি অপৰাধী চক্ৰৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ তীব্ৰ অভিযান।
বিশেষকৈ বিগত দীপাৱলীৰ সময়ৰে পৰা জুৱাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে অসম আৰক্ষীয়ে।
এইবাৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বৃহৎ জুৱাৰ ঘাটি উৎখাত আৰক্ষীৰ।
জানিব পৰা মতে, মাৰ্ঘেৰিটা মহকুমাৰ এছ ডি পি অ’ প্ৰাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত যোৱা এক অভিযানকাৰী দলে এই বৃহৎ জুৱাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে।
আৰক্ষীৰ অভিযানকাৰী দলে মাৰ্ঘেৰিটাৰ হিলভিউৰ সন্মুখত এটা ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ধনৰ লগতে জুৱা খেলৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
উল্লখ্য যে নগদ ৮৯ হাজাৰ টকা আৰু জুৱা খেলৰ সামগ্ৰী জব্দ কৰি মাৰ্ঘেৰিটা আৰক্ষী প্ৰশাসনে মাৰ্ঘেৰিটা আৰক্ষী থানালৈ লৈ আনে।
উল্লেখ্য যে এই সংক্ৰান্তত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।









