নিউজ ডেস্ক। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত তিলৈ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংঘটিত এক পথ দুৰ্ঘটনাত শিশুসহ ৬ গৰাকী লোক আহত হোৱাৰ লগতে এজন লোকৰ মৃত্যু ঘটে।
জানিব পৰা মতে, গুৱাহাটীৰ ছামছেদ আলী নামৰ ব্যক্তিজনে পৰিয়ালসহ এএছ-০১এইচচি-২৫৮২ নম্বৰৰ ছুইফট ডিজায়াৰ বাহনেৰে ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত তিলৈ নগৰ বহ্নি ধাবাৰ সন্মুখতে মৰাণৰ অভমুখে এএছ ০৪ ৱাই ০৯৭১ নম্বৰৰ স্কুটী এখনক মহতীয়াই নিয়ে। ফলত স্কুটী আৰোহীজন থিতাতে নিহত হয়।
বৰ্তমানলৈকে স্কুটী আৰোহীজন চিনাক্ত হোৱা নাই। আনহাতে ছুইফট ডিজায়াৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত এজোপা গছত খুন্দা মাৰে।
ফলত গুৱাহাটীৰ ছামছেদ আলীসহ পত্নী, দুই শিশু, পুত্ৰ-কন্যা আৰু চালকজন আহত হয়।
আহতসকলক বৰ্তমান উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।









