অসম

নৃশংস! দীপাৱলীৰ বাবে পিতৃ-মাতৃৰ পৰা ধন বিছাৰি হত্যাৰ বলি হ’ল কাকুমণি, শৌচালয়ৰ গাঁতত উদ্ধাৰ মৃতদেহ…

এক নৃশংস হত্যাকাণ্ডই জোঁকাৰি গৈছে টীয়ক।

পিতৃ আৰু মাহী মাকে মৰিয়াই মৰিয়াই হত্যা কৰিলে পুত্ৰক।

হত্যা কৰি শৌচালয়ৰ গাঁতত পুতি থলে পুত্ৰৰ মৃতদেহ।

75

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ৩১ অক্টোবৰত লাহদৈগড় বৰখেলীয়া গাঁৱৰ ফণীধৰ বৰাৰ পুত্ৰ কাকুমণি বৰাই দিপাৱলীলৈ বুলি বিচাৰিছিল ধন।

তাতেই খৰ্গহস্ত হৈ পিতৃয়ে ঘৰৰ ভিতৰতে বাঁহেৰে মূৰত আঘাত কৰি হত্যা কৰে পুত্ৰক। তাৰ পিছত ঘৰৰ সন্মুখৰ বাহনীৰ এটা পৰিত্যক্ত শৌচালয়ত নিশাই পুতি থয়।

কেইবাদিনো কাকু বৰা নিৰুদিষ্ট হৈ থকাত সন্দেহ উপজে ভিনিহিয়েকৰ। অৱশেষত যোৱানিশা ভিনিহিয়েকে লাহদৈগড় আৰক্ষীক অৱগত কৰাত নিশাই ঘটনাস্থলীত উপস্থিত হৈ নিশ্চিত কৰে হত্যাকাণ্ড।

আজি পুৱা দণ্ডাধীশৰ উপস্থিতিত শৌচালয়ৰ পৰা উদ্ধাৰ কৰে মৃতদেহ।

লগতে চাওকঃ দুৰ্ঘটনাত দুই মডেলৰ মৃত্যু সন্দৰ্ভত বাহনৰ চালক আব্দুল ৰহমানক গ্ৰেপ্তাৰ

kerala

মৃতদেহৰ মূৰত আঘাতৰ চিন স্পষ্ট হৈ আছে।

ইপিনে নিশাই আৰক্ষীয়ে আটক কৰা পিতৃ ফণীধৰ বৰাৰ লগতে তৃতীয় পত্নীয়ে ঘটনা সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে।

উল্লেখ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী ফণীধৰ বৰাই তিনিগৰাকী বিয়া কৰাইছিল। প্ৰথম আৰু দ্বিতীয় পত্নীৰ মৃত্যু হোৱাত পুনৰ বিবাহ কৰিছিল তৃতীয়গৰাকীক।

হত্যাৰ বলি হোৱা কাকু বৰা বৰা আছিল দ্বিতীয়গৰাকীৰ পুত্ৰ।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে তদন্ত অধিক ক্ষীপ্ৰতৰ কৰিছে।

ইপিনে স্থানীয় একাংশ লোকৰ পৰা জানিব পৰা মতে কাকু বৰা দীৰ্ঘদিন পিতৃ আৰু মাহীমাকৰ অত্যাচাৰত জ্যেষ্ঠ ভগ্নীৰ ঘৰত আশ্ৰয় লৈ আছিল বুলিও ভিনিহিয়েকে ব্যক্ত কৰিছে।

লগতে চাওকঃ চৌদিশে বিষাক্ত ফেন! তাৰ মাজতে ষট্ পূজাৰ স্নানত ব্যস্ত জনতা

G4 7

Leave a Reply

Your email address will not be published. Required fields are marked *