পুনৰ অসমৰ মাটিত মিজোৰামৰ আগ্ৰাসন, পথ নিৰ্মাণেৰে অসমৰ ভূমি দখলৰ চেষ্টা…

অসম-মিজোৰাম সীমান্তত পুনৰ মিজো আগ্ৰাসন।

কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত পথ নিৰ্মাণেৰে অসমৰ ভূমি দখলৰ চেষ্টা মিজোৰামৰ।

সীমান্তৰ ৪ কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰি মিজোৰামে নিৰ্মাণ কৰি আছে পথ৷

কাছাৰ-মিজোৰাম সীমান্তৰ ফ্ৰেন্সনগৰ আৰু পাগলাছড়া এলেকাত এক্সকাভেটৰ লগাই নিৰ্মাণ কৰি থকা হৈছে পথ৷

সমস্ত এলেকাত মিজোৰামে মোতায়ান কৰি ৰাখিছে বেটেলিয়ন৷

এই পথ নিৰ্মাণ কাৰ্য দেখি স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক৷

অসম আৰক্ষী উপস্থিত হোৱাত এক্সকাভেটৰ লৈ মিজো লোকসকল আঁতৰি যায় এই ঠাইৰ পৰা৷

চলিত বৰ্ষৰ ২৬ জুলাইত সীমান্তৰ লাইলাপুৰত গুলীচালনাৰ কাণ্ড সংঘটিত হোৱাৰ পাছৰেপৰা মিজোৰামে অতি কৌশলগতভাৱে অসমৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰে ভিতৰে আগ্ৰাসনৰ নতুন অভিসন্ধি আৰম্ভ কৰিছে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি  দীৰ্ঘ দিনৰ পৰা মিজোৰামে অসমৰ ভূমিত এনেদৰে নিৰ্মাণকাৰ্য্য অব্যাহত ৰাখিছে।

সীমান্তত নিয়োজিত অসম আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ চকুৰ সম্মুখতেই মিজো সকলে এনেদৰে আগ্ৰাসন চলোৱা কাৰ্য্যক সাধাৰণ ৰাইজে ধিক্কাৰ দিছে।

Leave a Comment