ৰাষ্ট্ৰীয়অসমীয়া

এম্বুলেন্সৰ পৰা জব্দ প্ৰায় ১ কোটি টকা মূল্যৰ গাঞ্জা!

নিউজ ডেস্ক। সাধাৰণতে এম্বুলেন্সত ৰোগী যায়। এম্বুলেন্স দেখিলেই সকলোৱে এৰি দিয়ে বাট। আৰক্ষীয়েও নৰখাই এম্বুলেন্স। কিন্তু এইবাৰ সৰবৰাহকাৰীয়ে ল’লে তাৰ সুযোগ।

নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বাবে সৰবৰাহকাৰীৰ নতুন কৌশল প্ৰয়োগ। সৰবৰাহকাৰীয়ে গাঞ্জা সৰবৰাহৰ বাবে ব্যৱহাৰ কৰিলে এম্বুলেন্স।

কিন্তু আৰক্ষীৰ অভিযানত ওলাই পৰিল জোলোঙাৰ মেকুৰী। অভিযানত এম্বুলেন্সৰ ভিতৰত উদ্ধাৰ হল বৃহৎ পৰিমাণৰ গাঞ্জা।

এই ঘটনা চেন্নাইৰ। বুধবাৰে থাঞ্জাভুৰ আৰক্ষীয়ে অভিযান চলাই এখন এম্বুলেন্সৰ পৰা প্ৰায় ১ কোটি টকা মূল্যৰ ২০০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

FDR-d-PIVIAM2-Kee

জানিব পৰা মতে, এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে বাহনৰ পৰীক্ষা চলাইছিল। সেই অনুসৰি এখন ব্যক্তিগত এম্বুলেন্সত পাঁচটা বেগ পাইছিল আৰক্ষীয়ে। যেতিয়া বেগ সমূহ খোলা হৈছিল, তাত গাঞ্জাৰে ভৰি থকা দেখা পোৱা গৈছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, এম্বুলেন্সখনে অন্ধ্ৰ প্ৰদেশৰ পৰা গাঞ্জা কঢ়িয়াই আনিছিল। চালক মাৰ্চেল টেৰেঞ্চ ৰাজাই (৩২) যোৱা ১৫ বছৰ ধৰি এম্বুলেন্সখন চলাই আহিছে। তেওঁ যোৱা দুই-তিনি মাহ ধৰি অবৈধ ব্যৱসায়ত জড়িত আছিল।

থাঞ্জাভুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়চন্দ্ৰনৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে বুধবাৰে পুৱা ভাগত নাগাপট্টিনম চৰকাৰী চিকিৎসালয়ৰ ওচৰত গাঞ্জাখিনি জব্দ কৰে।

এই সন্দৰ্ভত জয়চন্দ্ৰনে কয় যে, অভিযুক্তজনক অধিক জেৰাৰ বাবে থাঞ্জাভুৰলৈ অনা হয় আৰু গোচৰটোৰ সৈতে জড়িত আন লোকক বিচাৰি উলিওৱাৰ বাবে তদন্ত অব্যাহত আছে।

আৰক্ষী বিষয়াজনে কয় যে, গাঞ্জাখিনি বিদেশত চোৰাং ব্যৱসায়ৰ উদ্দেশ্যে সৰবৰাহ কৰা হ’ব পাৰে। সম্ভৱতঃ নাগাপট্টিনম বন্দৰেৰে শ্ৰীলংকালৈ নিয়াৰ পৰিকল্পনা কৰিছিল। অৱশ্যে তদন্তৰ পিছতহে সেইয়া নিশ্চিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *