জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ক্ষিপ্ৰ ন্যায়ৰ দাবীত সোণাপুৰৰ জুবিনক্ষেত্ৰত উত্তাল প্ৰতিবাদ; অমৃতপ্ৰভাৰ জামিনক লৈ প্ৰশ্ন গৰিমা শইকীয়া গাৰ্গৰ
সোণাপুৰঃ ছিংগাপুৰত প্ৰাণৰ শিল্পীৰ ৰহস্যজনক মৃত্যুৰ পাছত এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছিল খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰত উপস্থিত থকা কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তকো হত্যাৰ অভিযুক্ত কৰি মুখ্যমন্ত্ৰীয়ে কৈছিল- অমৃতপ্ৰভাই ওৰে নিশা সুৰাপান কৰোৱাইছিল জুবিনক। কিন্তু সেই অভিযুক্ত অমৃতপ্ৰভায়েই শেহতীয়াকৈ আদালতৰ পৰা জামিন লাভ কৰাৰ পিছতে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
বিগত এটা বছৰে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি থকা লাখ লাখ জুবিন অনুৰাগী আৰু পৰিয়ালৰ মনত এতিয়া এই সন্দেহে খোপনি পুতিছে যে সঁচাকৈয়ে ন্যায় পাবনে অসমীয়াৰ হিয়াৰ আমঠুজনে? এনে পৰিপ্ৰেক্ষিতত আজি জুবিনৰ বাবে ন্যায়ৰ দাবী তুলি তেওঁৰ শেষ শয়নস্থলী জুবিনক্ষেত্ৰত সমবেত হৈ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে পত্নী গৰিমা গাৰ্গসহ সহস্ৰ অনুৰাগীয়ে।
সোমবাৰে সোণাপুৰৰ জুবিনক্ষেত্ৰত অনুষ্ঠিত এই শান্তিপূৰ্ণ গণবিক্ষোভত প্ৰয়াত শিল্পীগৰাকীৰ সৈতে জড়িত সংগীতশিল্পীসকলৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ শ অনুৰাগীয়ে অংশ লয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্ত অমৃতপ্ৰভা মহন্তক জামিন মঞ্জুৰ কৰাৰ পিছতেই এই প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনায় পত্নী গৰিমা শইকীয়া গাৰ্গে। সমগ্ৰ গোচৰটোৰ অগ্ৰগতি আৰু আইনী প্ৰক্ৰিয়াক লৈ উদ্বেগ প্ৰকাশ কৰি প্ৰতিবাদকাৰীসকলে এক স্বৰত শীঘ্ৰে ন্যায় প্ৰদানৰ দাবী তোলে।
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত গৰিমা শইকীয়া গাৰ্গে মূল অভিযুক্তই জামিন লাভ কৰা পৰিস্থিতিক লৈ পোনপটীয়া প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয়, “আমি কেৱল ন্যায় বিচাৰিছোঁ আৰু সমগ্ৰ অসমবাসীয়েও ন্যায়েই বিচাৰে। কিন্তু আমাৰ মূল প্ৰশ্ন হৈছে, কি ভিত্তিত এগৰাকী মূল অভিযুক্তক জামিন দিয়া হ’ল? যদিহে এইদৰে বাকী অভিযুক্তসকলকো কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়, তেন্তে সমগ্ৰ গোচৰটোত ইয়াৰ অত্যন্ত নেতিবাচক প্ৰভাৱ পৰিব। এনে পৰিস্থিতিত সাক্ষ্য-প্ৰমাণ নষ্ট কৰাৰ পূৰ্ণ সম্ভাৱনা থাকে।”
বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে গুৰুতৰ অপৰাধত অভিযুক্ত ব্যক্তিক মুক্তভাৱে বিচৰণ কৰিবলৈ দিলে সমাজৰ নিৰাপত্তা ব্যাহত হ’ব বুলিও তেওঁ শংকা প্ৰকাশ কৰে। গৰিমাই প্ৰশ্ন তোলে, “জুবিন গাৰ্গৰ কোটি কোটি অনুৰাগী আছে আৰু সমগ্ৰ অসমবাসী তেওঁৰ পক্ষত থিয় দিছে। এনে এক গুৰুতৰ ষড়যন্ত্ৰত লিপ্ত অভিযুক্তসকলক যদি মুকলি কৰি দিয়া হয়, তেন্তে সাধাৰণ মানুহৰ জীৱনৰ নিৰাপত্তা ক’ত থাকিব?” বিশেষ তদন্তকাৰী দল চমুকৈ এছআইটিয়ে এক শক্তিশালী অভিযোগনামা দাখিল কৰাৰ পিছতো আদালতে কিহৰ ভিত্তিত এনেদৰে জামিন মঞ্জুৰ কৰিলে, সেই সন্দৰ্ভতো তেওঁ গভীৰ আশ্চৰ্য প্ৰকাশ কৰে।
অৱশ্যে ন্যায়পালিকাৰ ওপৰত পৰিয়াল আৰু অনুৰাগীৰ আস্থা এতিয়াও অটুট আছে বুলি উল্লেখ কৰে গৰিমা শইকীয়া গাৰ্গে। তেওঁ স্পষ্ট কৰি দিয়ে যে ন্যায়ৰ এই সংগ্ৰাম শুদ্ধ দিশত আগবঢ়াটো সকলোৰে কাম্য; অন্যথা ৰাজ্যজুৰি পুনৰ তীব্ৰ ক্ষোভৰ উদ্গীৰণ ঘটিব আৰু ৰাইজে ব্যৱস্থাটোৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ’ব। প্ৰতিবাদস্থলীত সমবেত সকলো শিল্পী আৰু অনুৰাগীয়ে প্ৰয়াত জুবিন গাৰ্গৰ মৃত্যুৰ এক নিৰপেক্ষ তথা ক্ষিপ্ৰ বিচাৰ সম্পন্ন কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ আৰু আদালতৰ ওচৰত দাবী জনায়।




