অসমীয়াৰাষ্ট্ৰীয়

দিল্লীৰ প্ৰতিবাদক লৈ এইবাৰ চৰকাৰক চৰম সকীয়নি সোণম ৱাংচুকৰ; বান্ধি দিলে ৪৮ ঘণ্টাৰ সময়

নতুন দিল্লীঃ দিল্লীৰ যন্তৰ মন্তৰত চিজেপিয়ে আহ্বান জনোৱা জ্ঞানেশ কুমাৰ বিৰোধী প্ৰতিবাদক প্ৰশাসনে ব্যৰ্থ কৰাৰ সম্পূৰ্ণ চেষ্টা গ্ৰহণ কৰাৰ পিছতে এইবাৰ সৰৱ হৈ পৰিছে লাডাখৰ বিশিষ্ট সমাজকৰ্মী সোণম ৱাংচুক। আৰক্ষী আৰু প্ৰশাসনক দেওবাৰৰ ভিতৰত আটকাধীন সকলো নেতাক মুক্তি দিয়াৰ সময় বান্ধি দি ৱাংচুকে স্পষ্ট কৰি দিয়ে যে নিৰ্ধাৰিত সময়ৰ ভিতৰত তেওঁলোকক মুকলি কৰি নিদিলে তেওঁ গণতান্ত্ৰিকভাৱে অনশন বা পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব।


বিজ্ঞাপন / Affiliate Link

Amazon Great Indian Festival — Deals Revealed

Amazon Great Indian Festivalৰ অফাৰসমূহ চাওক

এই affiliate linkৰ জৰিয়তে ক্ৰয় কৰিলে NEWS8 NorthEast-এ কমিছন লাভ কৰিব পাৰে।


সামাজিক মাধ্যমত প্ৰকাশ কৰা এক ভিডিঅ’ বাৰ্তাত লাডাখৰ সংগ্ৰামী নেতাজনে দেশত অঘোষিত জৰুৰীকালীন অৱস্থা চলি থকা বুলি অভিযোগ তোলে। কালি প্ৰতিবাদক শান্তিপূৰ্ণ কৰি ৰাখিবলৈ আহ্বান জনোৱাৰ সময়ত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰত এনে এক অঘোষিত জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি কেতিয়াও কল্পনা কৰা নাছিল বুলি আক্ষেপ প্ৰকাশ কৰে তেওঁ। আন্দোলনটোক নেতৃত্ব দিবলৈ বহু নেতাক দেখা পাই সুখী হৈছিল যদিও এতিয়া সকলোকে গ্ৰেপ্তাৰ কৰাৰ খবৰ পাই মৰ্মাহত হোৱা বুলি সদৰী কৰে ৱাংচুকে। অহা শীতকালৰ প্ৰস্তুতি আৰু লাডাখৰ হিমবাহ সুৰক্ষা সম্পৰ্কীয় গৱেষণাৰ কামত ব্যস্ত থকাৰ বাবে তেওঁ নিজে নতুন দিল্লীৰ প্ৰতিবাদত অংশ ল’ব পৰা নাছিল যদিও আন্দোলনলৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছিল।

উল্লেখ্য যে, নিৰ্বাচন আয়োগৰ কাৰ্যপ্ৰণালী আৰু বিশেষ সংশোধনী প্ৰক্ৰিয়াত হোৱা ব্যাপক অনিয়মৰ বিৰুদ্ধে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত শনিবাৰে যন্তৰ মন্তৰলৈ ৰাওনা হোৱাৰ পথতে ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ লগতে বিৰোধী ঐক্যমঞ্চৰ কেইবাগৰাকীও শীৰ্ষ নেতাক আটক কৰে দিল্লী আৰক্ষীয়ে। আটকাধীনসকলৰ ভিতৰত আছে অৰবিন্দ কেজৰিৱাল, মমতা বেনাৰ্জী, পিনাৰায়ী বিজয়ন আৰু মাণিক সৰকাৰৰ দৰে দেশৰ চাৰিজন প্ৰাক্তন তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী।

ইয়াৰ উপৰিও বাওঁপন্থী নেতা এম এ বেবী, বৃন্দা কাৰাট, দীপংকৰ ভট্টাচাৰ্য, সমাজকৰ্মী যোগেন্দ্ৰ যাদৱ আৰু অধিবক্তা প্ৰশান্ত ভূষণকো ৰাজধানীৰ বিভিন্ন প্ৰান্তৰ পৰা আটক কৰে নিৰাপত্তাৰক্ষীয়ে। সমগ্ৰ দিল্লীজুৰি বেৰিকেড বহুৱাই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ পিছতো বিৰোধী দল আৰু প্ৰতিবাদকাৰীসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। এই বিশাল গণতান্ত্ৰিক সমাৱেশক পুলিচ বাহিনী প্ৰয়োগ কৰি দমন কৰাৰ প্ৰচেষ্টাক তীব্ৰ ভাষাৰে গৰিহণা দিছে সচেতন মহলে।

NEWS DESK

Our NEWS DESK is a dedicated team of senior local reporters.

Leave a Reply

Your email address will not be published. Required fields are marked *