
বিজেপিলৈ ৰিলায়েন্সৰ অনুদানৰ বাতৰি সামাজিক মাধ্যমত শ্বেয়াৰ ইলন মাস্কৰ; আম্বানীৰ বিৰুদ্ধে তীব্ৰতৰ আক্ৰমণ
নতুন দিল্লীঃ ভাৰতত ষ্টাৰলিংকে অনুমতি লাভ নকৰাক লৈ ধাৰাবাহিকভাৱে ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীৰ বিৰুদ্ধে সৰৱ হৈ আছে বিশ্বৰ ধনাঢ্য উদ্যোগপতি ইলন মাস্ক। আম্বানীক লক্ষ্য কৰি চলোৱা এই আক্ৰমণক আৰু এখোপ আগুৱাই লৈ গৈ শুক্ৰবাৰে সন্ধিয়া বিজেপিলৈ ৰিলায়েন্স সমৰ্থিত প্ৰতিষ্ঠানসমূহে দিয়া অনুদান সম্পৰ্কীয় কেইবাটাও সংবাদ প্ৰতিবেদন সামাজিক মাধ্যমত শ্বেয়াৰ কৰে উদ্যোগপতিজনে।
বিজ্ঞাপন / Affiliate Link
Amazon Great Indian Festivalৰ অফাৰসমূহ চাওক
এই affiliate linkৰ জৰিয়তে ক্ৰয় কৰিলে NEWS8 NorthEast-এ কমিছন লাভ কৰিব পাৰে।
ভাৰতীয় বজাৰত ষ্টাৰলিংকৰ প্ৰৱেশত বাধা দিয়াৰ অভিযোগ তোলা মাস্কে ইয়াৰ কেইঘণ্টামান পূৰ্বেই আম্বানীক ব্যংগাত্মকভাৱে “প্ৰধানমন্ত্ৰী আম্বানী” বুলি সম্বোধন কৰিছিল। ৰিলায়েন্সৰ মুৰব্বীগৰাকীয়ে দেশত নিজৰ একচেটিয়া ব্যৱসায়িক আধিপত্য ধৰি ৰাখিবলৈ চেষ্টা কৰাৰ অভিযোগ তুলি উপগ্ৰহভিত্তিক ইণ্টাৰনেট সেৱা ষ্টাৰলিংককো দেশত প্ৰতিযোগিতাৰ সুযোগ দিয়াৰ বাবে আহ্বান জনাইছিল আমেৰিকান উদ্যোগপতিগৰাকীয়ে।
ইফালে, বিতৰ্ক বৃদ্ধি পোৱাৰ মাজতে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেন্দ্ৰীয় চৰকাৰে। কোনো এটা নিৰ্দিষ্ট খণ্ডত ভাৰতে একচেটিয়া আধিপত্য সমৰ্থন নকৰে বুলি মন্তব্য কৰি কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই স্পষ্ট কৰে যে এটা নিৰ্দিষ্ট প্ৰতিষ্ঠানক লৈ চৰ্চা চলি থাকিলেও ইতিমধ্যে তিনিটা সংস্থাই উপগ্ৰহ যোগাযোগৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে। প্ৰতিটো প্ৰতিষ্ঠানে সুৰক্ষাজনিত চৰ্ত আৰু নিৰ্ধাৰিত নিয়মসমূহ ব্যক্তিগতভাৱে পূৰণ কৰাৰ পিছতেই দেশত সেৱা আৰম্ভ কৰাৰ সুযোগ পাব বুলি স্পষ্ট কৰি দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।






