অসমীয়াআন্তঃৰাষ্ট্ৰীয়

আন্তঃৰাষ্ট্ৰীয় ন্যায় আৰু শান্তি প্ৰসাৰৰ স্বীকৃতি; ভাৰতীয় মূলৰ নৱনেথম নাভি পিল্লাইলৈ ২০২৬ বৰ্ষৰ শান্তিৰ নোবেল বঁটা

ডিজিটেল ডেস্কঃ ঘোষণা কৰা হ’ল বিশ্বৰ আটাইতকৈ সন্মানীয় ১২৫ সংখ্যক শান্তিৰ নোবেল বঁটা। ২০২৬ বৰ্ষৰ এই সৰ্বোচ্চ সন্মান আগবঢ়োৱা হৈছে দক্ষিণ আফ্ৰিকাৰ বিশিষ্ট আইনবিদ তথা মানৱ অধিকাৰ কৰ্মী নৱনেথম নাভি পিল্লাইলৈ। আন্তঃৰাষ্ট্ৰীয় আইনৰ সুৰক্ষা আৰু বিশ্বজুৰি শান্তি প্ৰতিষ্ঠাত আগবঢ়োৱা আজীৱন অৱদানৰ স্বীকৃতিস্বৰূপে শুক্ৰবাৰে নৰৱেজিয়ান নোবেল সমিতিয়ে এই ঐতিহাসিক ঘোষণা কৰে।

৮৫ বছৰীয়া ভাৰতীয় মূলৰ এই তামিল আইনবিদগৰাকীয়ে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ উচ্চায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বিশ্বজুৰি যুদ্ধাপৰাধ, গণহত্যা আৰু মানৱতাহীন অপৰাধৰ বিৰুদ্ধে আইনী যুঁজ দিয়াত এক অগ্ৰণী ভূমিকা পালন কৰি আহিছে পিল্লাইয়ে। বঁটা ঘোষণা কৰি নোবেল সমিতিৰ অধ্যক্ষ জোৰ্গেন ৱাটনে ফ্ৰাইডনেছে কয় যে বৰ্তমান বিশ্বত যুদ্ধ আৰু সংঘাত ব্যাপকভাৱে বৃদ্ধি পাইছে, যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় আইন ব্যৱস্থা প্ৰচণ্ড চাপ আৰু ভাবুকিৰ সন্মুখীন হৈছে। এনে সংকটপূৰ্ণ সময়ত বিশৃংখলতা আৰু শৃংখলাৰ মাজৰ সুক্ষ্ম সীমাৰেখাডাল ৰক্ষা কৰিছে কেৱল আইন আৰু ন্যায়িক ব্যৱস্থাই।

উল্লেখযোগ্য যে, বৰ্ণবৈষম্যৰ বিৰুদ্ধে আপোচবিহীন সংগ্ৰাম চলোৱা নৱনেথম নাভি পিল্লাই ১৯৬৭ চনত দক্ষিণ আফ্ৰিকাৰ নাটাল প্ৰদেশত আইন চৰ্চা আৰম্ভ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছিল। পিছলৈ তেওঁ নেলছন মেণ্ডেলাকে ধৰি বৰ্ণবৈষম্যবিৰোধী বহু সংগ্ৰামী নেতাৰ হৈ আদালতত ওকালতি কৰিছিল। দক্ষিণ আফ্ৰিকাৰ উচ্চ ন্যায়ালয়ত সেৱা আগবঢ়োৱা তেওঁৱেই আছিল প্ৰথমগৰাকী কৃষ্ণাঙ্গ মহিলা ন্যায়াধীশ।

ৰুৱাণ্ডা ট্ৰাইবিউনেলৰ বিচাৰপীঠত থকা সময়ছোৱাত ধৰ্ষণ আৰু যৌন নিৰ্যাতনকো গণহত্যা তথা মানৱতাৰ বিৰুদ্ধে অপৰাধ হিচাপে গণ্য কৰাৰ ঐতিহাসিক সিদ্ধান্ত পিল্লাইৰ পদক্ষেপৰ ফলতেই সম্ভৱ হৈ উঠিছিল। তদুপৰি, পেলেষ্টাইন অধিকৃত অঞ্চল সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ স্বতন্ত্ৰ তদন্ত কমিটীৰ মুৰব্বী হিচাপে গাজাত ইজৰাইল চৰকাৰে চলোৱা ধ্বংসযজ্ঞক গণহত্যা হিচাপে অভিহিত কৰি তেওঁ সাহসিকতাৰ পৰিচয় দিছিল। বৰ্তমান তেওঁ ৰোহিংগীয়া মুছলমানসকলৰ ওপৰত চলোৱা গণহত্যা সম্পৰ্কীয় বিচাৰত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ বিচাৰপীঠত কাৰ্যনিৰ্বাহ কৰি আছে।

এই সৰ্বোচ্চ সন্মানৰ খবৰ পাই প্ৰথমতে বিশ্বাস কৰিব পৰা নাছিল বুলি প্ৰকাশ কৰে পিল্লাইয়ে। প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয়, “এগৰাকী অধিবক্তা আৰু ন্যায়াধীশ হিচাপে মই প্ৰথমতে কথাটো সত্য নে ধেমালি, সেয়া পৰীক্ষা কৰি ল’ব বিচাৰিছিলোঁ। সত্য কোৱাৰ বাবে কিহৰ সাহসৰ প্ৰয়োজন?”

আনহাতে, এইবাৰো বঞ্চিত হ’বলগীয়া হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। দীৰ্ঘদিন ধৰি শান্তিৰ নোবেল বঁটাৰ বাবে প্ৰবল আকাংক্ষা প্ৰকাশ কৰি অহা ট্ৰাম্পে বহুবাৰ দাবী কৰি আহিছে যে তেওঁ এই বঁটাৰ প্ৰকৃত প্ৰাপ্য। বিশেষকৈ ইৰাণৰ সৈতে চলি থকা যুদ্ধ আৰু মধ্যপ্ৰাচ্যৰ অশান্ত পৰিৱেশৰ মাজতো শান্তিৰ নোবেল দাবী কৰি আহিছিল ট্ৰাম্পে। আনকি যোৱাবাৰৰ শান্তিৰ নোবেল বিজয়ী ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া কৰিনা মাচাডোৱে নিজৰ পদকটো ট্ৰাম্পৰ হাতত তুলি দিয়াৰ পাছত তেওঁ নিজকে এই বঁটাৰ অন্যতম দাবীদাৰ হিচাপে প্ৰচাৰ কৰিছিল। বঁটা ঘোষণাৰ পিছতেই এক ব্যংগাত্মক মন্তব্য কৰি নাভি পিল্লাইয়ে কয়, “ৰাইজে যদি অলপ বেছিকৈ হাতচাপৰি বজায়, তেন্তে মই মোৰ এই বঁটাটো ট্ৰাম্পৰ সৈতেও ভগাই ল’ব পাৰোঁ।”

অহা ১০ ডিচেম্বৰত আলফ্ৰেড নোবেলৰ মৃত্যুবাৰ্ষিকীত অছল’ত অনুষ্ঠিত হ’বলগীয়া এক ভব্য অনুষ্ঠানত পিল্লাইক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব এই সন্মান। সন্মানীয় স্বৰ্ণ পদকৰ লগতে তেওঁ লাভ কৰিব ১২ মিলিয়ন ছুইডিছ ক্ৰ’নৰ (প্ৰায় ১.২ মিলিয়ন মাৰ্কিন ডলাৰ) নগদ ধন। এইবাৰ শান্তিৰ নোবেলৰ বাবে মুঠ ২৮৭ টা নাম মনোনীত হৈছিল। সকলো প্ৰতিদ্বন্দ্বীক চেৰ পেলাই বিশ্বজনীন মানৱ অধিকাৰ আৰু ন্যায়ৰ ধ্বজাবাহক নাভি পিল্লাইয়ে এই বিৰল সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয়।

বিজ্ঞাপন / Amazon Affiliate Link

Amazon Great Indian Festival Deals

NEWS DESK

Our NEWS DESK is a dedicated team of senior local reporters.

Leave a Reply

Your email address will not be published. Required fields are marked *