
ছুটীত ঘৰলৈ ওভতাৰ পথত ৰহস্যজনকভাৱে উদ্ধাৰ চিআইএছএফ জোৱানৰ মৃতদেহ; মূৰত গুৰুতৰ আঘাত, হত্যাৰ গোচৰ ৰুজু
গোৰখপুৰঃ কৰ্তব্যৰ পৰা ছুটী লৈ ঘৰলৈ উভতি অহাৰ পথতেই ৰহস্যজনক পৰিস্থিতিত প্ৰাণ হেৰুৱালে এগৰাকী কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ চিআইএছএফৰ জোৱানে। উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ গিডা থানাৰ অন্তৰ্গত কালেসৰ জিৰ’ পইণ্টৰ বোকটা-বৰৱাৰ মথাউৰিৰ কাষৰ পৰা দেওবাৰে নিশা অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় ৩৮ বছৰীয়া জোৱান পৰমবীৰ যাদৱক। পাছত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

জানিব পৰা মতে, গোৰখপুৰৰ বাঘাঘাড়াৰ বাসিন্দা পৰমবীৰ ঝাৰখণ্ডৰ ধানবাদত কৰ্মৰত আছিল। দেওবাৰে নিশা প্ৰায় ১২ বজাত একাংশ পথচাৰীয়ে মথাউৰিৰ কাষত এজন লোকক অচেতন হৈ পৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে সংকটজনক অৱস্থাত তেওঁক বি আৰ ডি মেডিকেল কলেজলৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি জনায়। তেওঁৰ পকেটত উদ্ধাৰ হোৱা পৰিচয় পত্ৰৰ ভিত্তিত আৰক্ষীয়ে পৰিয়ালক যোগাযোগ কৰে। জোৱানজনৰ ভাতৃয়ে জনোৱা অনুসৰি, ৰে’লৰ সময় পাৰ হৈ যোৱাত ধানবাদৰ পৰা এখন ভাড়া গাড়ী লৈ তেওঁ ঘৰলৈ বুলি ৰাওনা হৈছিল, কিন্তু ঘৰ আহি নাপালে।
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত জোৱানজনৰ মূৰত আঘাতৰ গভীৰ চিন স্পষ্ট হৈ পৰে আৰু সেই আঘাতৰ ফলতেই তেওঁৰ মৃত্যু হোৱা বুলি নিশ্চিত হয়। ইয়াৰ পিছতেই পৰমবীৰৰ পিতৃ দীনেশ চন্দ্ৰ যাদৱৰ লিখিত অভিযোগৰ ভিত্তিত গিডা আৰক্ষীয়ে অজ্ঞাত দুৰ্বৃত্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰে।
ইফালে, পৰমবীৰৰ পত্নী প্ৰতিমাই এই মৃত্যুক লৈ গভীৰ সন্দেহ প্ৰকাশ কৰিছে। তেওঁ জনায় যে ধানবাদৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ সময়তে স্বামীয়ে ফোন কৰি শুই থকা কন্যাৰ সৈতে কথা পাতিবলৈ বিচাৰিছিল। তাৰ পিছত নিশাটোৰ ভিতৰত প্ৰায় ৫৫ বাৰ স্বামীলৈ ফোন কৰা সত্ত্বেও কোনো উত্তৰ পোৱা নাছিল।
ঘটনাৰ পিছতেই মঙলবাৰে নিশা ৰাষ্ট্ৰীয় ত্ৰিৰংগাৰে মেৰিয়াই জোৱানজনৰ নশ্বৰ দেহ পৰিয়ালক গতাই দিয়া হয় আৰু সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। চিআইএছএফৰ জোৱানগৰাকীয়ে যাত্ৰা কৰা সেই বিশেষ ভাড়া গাড়ীখন, পথৰ চিচিটিভি ফুটেজ আৰু টোলগেটৰ দৃশ্য পৰীক্ষা কৰি এই হত্যাকাণ্ডৰ আঁৰৰ ৰহস্য ফাদিলৰ বাবে আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰি তুলিছে।





