ৰাষ্ট্ৰীয়

মাহে ১০ লাখৰ উপহাৰ, দিল্লীত ৪ কোটিৰ বিলাসী বাসগৃহ; প্ৰেয়সীৰ বাবে আইডিএফচি বেংকৰ ৬৫৭ কোটি টকা উদং কৰিলে প্ৰবন্ধক ঋভৱে

চণ্ডীগড়, ৭ অক্টােবৰ। প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূমণ্ডল। এই প্ৰেমৰ বাবেই ৬৫৭ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰি এইবাৰ জালত পৰিল এজন দুৰ্দান্ত প্ৰেমিক। নৰ্তকী প্ৰেয়সীক বিলাসবহুল জীৱন দিবলৈ গৈ সংঘটিত কৰা এই ভয়ংকৰ কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে এতিয়া দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। চৰকাৰী একাউণ্টৰ পৰা কোটি কোটি টকা অন্তৰ্ধান হোৱাৰ সমান্তৰালকৈ চৰ্চালৈ আহিছে এই ব্যয়বহুল প্ৰেমকাহিনী, য’ত আইডিএফচি ফাৰ্ষ্ট বেংকৰ চণ্ডীগড় শাখাৰ প্ৰবন্ধক ঋভৱ ঋষিক মূল অভিযুক্ত হিচাপে চিহ্নিত কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআইয়ে।

Amazon Great Indian Festival — deals revealed, top deals under ₹499

চিবিআইৰ অনুসন্ধান অনুসৰি, বিবাহিত হোৱা সত্ত্বেও ঋভৱ ঋষি ২০২৫ চনৰ মাৰ্চ-এপ্ৰিল মাহত চণ্ডীগড়ত এগৰাকী নৃত্যশিল্পীৰ সান্নিধ্যলৈ আহে। পৰৱৰ্তী সময়ত জয়পুৰৰ এক ফাৰ্মহাউছ পাৰ্টি আৰু মুম্বাইৰ পঞ্চতাৰকা হোটেলত তেওঁলোকৰ মাজত ঘনিষ্ঠতা গভীৰ হৈ পৰে। নিজকে চাউলৰ আমদানি-ৰপ্তানি ব্যৱসায়ী তথা ইভেণ্ট প্লেনাৰ বুলি চিনাকি দিয়া ঋভৱে প্ৰেমিকাক নৃত্য পৰিৱেশনৰ কাম ত্যাগ কৰিবলৈ অনুৰোধ জনাইছিল। তাৰ বিনিময়ত ২০২৫ চনৰ আগষ্টৰ পৰা ২০২৬ চনৰ জানুৱাৰী মাহলৈকে মাহে ১০ লাখকৈ মুঠ ৫৬ লাখ টকা প্ৰেমিকাৰ হাতত তুলি দিয়ে অভিযুক্তই।

প্ৰেয়সীৰ বিলাসী জীৱনৰ বাবে দিল্লীৰ দ্বাৰকাত প্ৰায় ৪ কোটি টকা মূল্যৰ এটা বিলাসী বাসগৃহ ক্ৰয় কৰাৰ লগতে গোৱা, থাইলেণ্ড, মাকাউ আৰু ডুবাইৰ দৰে স্থানলৈ দুয়ো একেলগে ভ্ৰমণলৈ গৈছিল। ডুবাইৰ বুৰ্জ অল আৰবৰ ডুপ্লেক্সত থকাৰ উপৰিও বিমান বন্দৰৰ কাষত এটা ৪টা কোঠালীযুক্ত ভিলা ক্ৰয় কৰি ভৱিষ্যতে তাত নিগাজিকৈ থকাৰ পৰিকল্পনা কৰিছিল ঋষিয়ে।

মহিলাগৰাকীৰ ভাষ্য অনুসৰি, জিৰকপুৰৰ জেড মেনৰত অনুষ্ঠিত প্ৰতিটো বিলাসী পাৰ্টিতে খৰচ কৰা হৈছিল প্ৰায় ১৫ৰ পৰা ২০ লাখ টকা। এই পাৰ্টিসমূহত হাৰিয়ানা চৰকাৰৰ একাংশ আইএএছ বিষয়া আৰু অন্যান্য প্ৰভাৱশালী ব্যক্তিৰ উপস্থিতিত নৃত্যশিল্পীসকলৰ ওপৰত মুকলিকৈ উৰুওৱা হৈছিল বাণ্ডিলে বাণ্ডিলে নোট।

তদন্তত স্পষ্ট হৈছে যে চৰকাৰী একাউণ্টসমূহৰ পৰা অন্ততঃ ২৫ বাৰকৈ ভুৱা লেনদেন ঘটাই ১৮৭.৩৫ কোটি টকা আত্মসাত কৰাৰ অনুমোদন জনাইছিল ঋভৱে। আত্মসাত কৰা ধনৰ ভিতৰত প্ৰায় ১৮.৩২ কোটি টকা ঋভৱৰ পত্নী দিব্যা অৰোৰাৰ ব্যক্তিগত একাউণ্টলৈও হস্তান্তৰ কৰা হয়। প্ৰেমিকাৰ ব্যয়বহুল চখ আৰু বিলাসী জীৱন নিশ্চিত কৰিবলৈ চৰকাৰী পুঁজি লুণ্ঠন কৰা এই সমগ্ৰ কেলেংকাৰীৰ তথ্য ফাদিল হোৱাৰ পাছত জড়িত চৰকাৰী বিষয়াসকলৰ ভূমিকা সন্দৰ্ভত মাৰাথন তদন্ত অব্যাহত ৰাখিছে চিবিআইয়ে।

NEWS DESK

Our NEWS DESK is a dedicated team of senior local reporters.

Leave a Reply

Your email address will not be published. Required fields are marked *