দুই কণমানি কন্যাক নৃশংসভাৱে হত্যা! পাষাণ মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি কাছাৰৰ ফাষ্ট ট্ৰেক আদালতৰ

নিউজ ডেস্কঃ দুই কণমানি কন্যাক নৃশংসভাৱে হত্যা কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ’ল এগৰাকী পাষাণ মাতৃ। কাছাৰৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ বঙ্কিম শৰ্মাৰ ফাষ্ট ট্ৰেক আদালতে বৃহস্পতিবাৰে আজমিৰা বেগম লস্কৰ নামৰ মহিলাগৰাকীক এই কঠোৰ শাস্তি প্ৰদান কৰে। ২০২৩ চনৰ ১ ছেপ্টেম্বৰত কচুদৰাম আৰক্ষী থানাৰ অন্তৰ্গত বাউৰিকান্দি প্ৰথম খণ্ডত সংঘটিত এই মৰ্মান্তিক ঘটনাই জোকাৰি গৈছিল সমগ্ৰ অঞ্চলটো। নিজৰ তিনি বছৰীয়া আৰু ১০ মহীয়া দুই কন্যাক পুখুৰীৰ পানীত জুবুৰিয়াই হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত হৈছে এইগৰাকী মহিলা।

image 5
দুই কণমানি কন্যাক নৃশংসভাৱে হত্যা! পাষাণ মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি কাছাৰৰ ফাষ্ট ট্ৰেক আদালতৰ 2

প্ৰণিধানযোগ্য যে তিনি বছৰীয়া ৰাজিমা বেগম আৰু ১০ মহীয়া ফাতিমা বেগমক পানীত ডুবাই হত্যা কৰিছিল আজমিৰাই। কচুদৰাম আৰক্ষী থানাত এই সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছিল শিশু দুটিৰ পিতৃ বাবুল হক লস্কৰে। মৰণোত্তৰ পৰীক্ষাত শিশু দুটিৰ মৃত্যুৰ কাৰণ পানীত ডুবি শ্বাসৰুদ্ধ হোৱা বুলি স্পষ্ট হোৱাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক। বিচাৰ প্ৰক্ৰিয়াৰ সময়ত উন্মোচিত হোৱা তথ্য অনুসৰি পাৰিবাৰিক কন্দলৰ পৰিণতিতে এই জঘন্য কাণ্ড সংঘটিত কৰিছিল পাষাণ মাতৃগৰাকীয়ে।

তদন্তৰ সময়ত আজমিৰাই নিজৰ অপৰাধ স্বীকাৰ কৰি জনায় যে তেওঁ সন্তানসহ আত্মহননৰ চেষ্টা চলাইছিল। নিজে কোনোমতে বাচি যায় যদিও দুই সন্তানৰ মৃত্যু হোৱা বুলি দাবী কৰে অভিযুক্তই। সাক্ষী আৰু তথ্য-প্ৰমাণৰ ভিত্তিত আদালতে আজমিৰাক ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। কাৰাদণ্ডৰ উপৰি ২০ হাজাৰ টকাৰ জৰিমনা বিহা হৈছে মহিলাগৰাকীক। জৰিমনা অনাদায়ে অতিৰিক্ত ছমাহ কাৰাবাস খাটিব লাগিব বুলি ৰায়ত উল্লেখ কৰিছে আদালতে। চৰকাৰী পক্ষক আদালতত প্ৰতিনিধিত্ব কৰে অধিবক্তা প্ৰদীপ কুমাৰ পাটোৱাৰীয়ে।

Leave a Comment