মিৰ্জাপুৰত ট্ৰাক আৰু বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ; জীৱন্তে অগ্নিদগ্ধ হৈ ১১ জনৰ কৰুণ মৃত্যু

মিৰ্জাপুৰঃ ৰাজপথত ট্ৰাক আৰু কেইবাখনো বাহনৰ মাজৰ ভয়ংকৰ সংঘৰ্ষই নমাই আনিলে মৃত্যুৰ বিভীষিকা। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত বুধবাৰে নিশা সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ ১১ গৰাকী লোকৰ মৃত্যু ঘটাৰ লগতে গুৰুতৰভাৱে আহত হয় ট্ৰাকৰ চালকজন। ড্ৰামণ্ডগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত বৰকা ঘূমান ছেক্সনৰ সমীপত দুখন দ্ৰুতবেগী ট্ৰাক আৰু দুখন চাৰিচকীয়া বাহনৰ মাজত হোৱা এই খুন্দাৰ ফলত মুহূৰ্তৰ ভিতৰতে দাউ দাউকৈ জ্বলি উঠে বাহনসমূহ।

image 34
মিৰ্জাপুৰত ট্ৰাক আৰু বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ; জীৱন্তে অগ্নিদগ্ধ হৈ ১১ জনৰ কৰুণ মৃত্যু 4

আৰক্ষী অধীক্ষক অপৰ্ণা ৰজত কৌশিকে জনোৱা মতে, ড্ৰামণ্ডগঞ্জ ভেলীৰ পৰা নামি অহা এখন ট্ৰাকৰ ব্ৰেক বিকল হোৱাৰ বাবেই এই শৃংখলাবদ্ধ দুৰ্ঘটনাটো সংঘটিত হয়। নিয়ন্ত্ৰণহীন ট্ৰাকখনে সন্মুখত থকা আন এখন ট্ৰাক আৰু মাজত সোমাই পৰা এখন বলেৰ’ তথা চুইফট ডিজাইৰ বাহনক মহতিয়াই লৈ যায়। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে অগ্নিকাণ্ডৰ ফলত বাহনৰ ভিতৰত আবদ্ধ হৈ থকা লোকসকল কিছু সময়ৰ ভিতৰতে জ্বলি ছাই হৈ পৰে। নিহতসকলৰ ভিতৰত এখন বাহনৰ আঠজন যাত্ৰী আছিল, যাৰ মাজত দুগৰাকী মহিলা আৰু দুটা শিশুও আছিল।

image 35
মিৰ্জাপুৰত ট্ৰাক আৰু বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ; জীৱন্তে অগ্নিদগ্ধ হৈ ১১ জনৰ কৰুণ মৃত্যু 5

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মৰ্মান্তিক দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “মিৰ্জাপুৰত সংঘটিত হোৱা এই দুৰ্ঘটনা অতি শোকাবহ।” প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ আত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। জিলা প্ৰশাসনে ইতিমধ্যে আটাইকেইটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনাৰ বিতং তদন্ত আৰম্ভ কৰিছে।

image 36
মিৰ্জাপুৰত ট্ৰাক আৰু বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ; জীৱন্তে অগ্নিদগ্ধ হৈ ১১ জনৰ কৰুণ মৃত্যু 6

Leave a Comment