সামৰিক বিমানত যান্ত্ৰিক বিজুতি; নিমিষতে নিঃশেষ ৬৬ গৰাকী সেনা জোৱান

নিউজ ডেস্কঃ আকাশমাৰ্গত সংঘটিত যান্ত্ৰিক বিজুতিয়ে নিমিষতে প্ৰাণ কাঢ়িলে ৬৬ গৰাকীকৈ সেনা জোৱানৰ। সোমবাৰে কলম্বিয়াৰ পুৱেৰ্তো লেগুইজামোত সংঘটিত হয় এই ভয়ংকৰ বিমান দুৰ্ঘটনা। সেনা কঢ়িয়াই নিয়া লকহিড মাৰ্টিন হাৰকিউলিছ চি-১৩০ বিমানখন ভূপতিত হোৱাৰ ফলত অকাল মৃত্যুক সাৱটে ৬৬ গৰাকী সেনা জোৱানে।

সশস্ত্ৰ বাহিনীৰ মুৰব্বীয়ে জনোৱা মতে, বিমানখনত ১১ গৰাকী ক্ৰু মেম্বাৰসহ মুঠ ১২৫ গৰাকী আৰোহী আছিল। পেৰু সীমান্তৰ নিকটৱৰ্তী আমাজন বৰ্ষাৰণ্য অঞ্চলৰ পৰা উৰা মৰাৰ কিছু সময়ৰ পাছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰতিৰক্ষা মন্ত্ৰী পেড্ৰো আনুল্ফো ছানচেজে এই ঘটনাক এক মৰ্মান্তিক দুৰ্ঘটনা বুলি অভিহিত কৰে।

image 36
সামৰিক বিমানত যান্ত্ৰিক বিজুতি; নিমিষতে নিঃশেষ ৬৬ গৰাকী সেনা জোৱান 3

ঘটনা সন্দৰ্ভত বায়ুসেনাৰ কমাণ্ডাৰ ফাৰ্নাণ্ডো চিলভাই জনোৱা মতে, বিমানখনত ১১৪ গৰাকী সেনা জোৱান আছিল। বৰ্তমান উদ্ধাৰকাৰী দলে ঘটনাস্থলীত অভিযান চলাই আছে। একাংশ আহত জোৱানক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

image 37
সামৰিক বিমানত যান্ত্ৰিক বিজুতি; নিমিষতে নিঃশেষ ৬৬ গৰাকী সেনা জোৱান 4

আনহাতে, ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ৱে এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সামৰিক বিমানৰ আধুনিকীকৰণৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয়, “মই ইয়াতকৈ অধিক পলম হোৱাটো নিবিচাৰো; আমাৰ যুৱপ্ৰজন্মৰ জীৱন ইয়াত জড়িত হৈ আছে।” যিসকল বিষয়াই এই কামত গাফিলতি কৰিছে, তেওঁলোকক পদৰ পৰা আঁতৰাই দিয়া হ’ব বুলিও তেওঁ সতৰ্ক কৰি দিয়ে।

Leave a Comment