মাহিলী উপাৰ্জন ৯ হাজাৰ, কিন্তু পত্নীক দিব লাগে ১২ হাজাৰ; আদালতে ক’লে…

নতুন দিল্লীঃ এজন স্বামীৰ মাহিলী উপাৰ্জন ৯ হাজাৰ টকা হ’লেও পত্নীক ১২ হাজাৰ টকাকৈ ভৰণ-পোষণ দিবলৈ বাধ্য নেকি? এক বিবাহ বিচ্ছেদৰ গোচৰৰ শুনানি কালত সোমবাৰে এই বিষয়টোৱে উচ্চতম ন্যায়ালয়ত বিশেষ চৰ্চা লাভ কৰে। দিন হাজিৰা কৰি মাহেকত মাত্ৰ ৯ হাজাৰ টকা উপাৰ্জন কৰা এজন স্বামীয়ে কেনেকৈ পত্নীক প্ৰতিমাহে ভৰণ-পোষণৰ খৰছ ১২ হাজাৰ টকা দিব বুলি প্ৰশ্ন উত্থাপন কৰাৰ পাছতে আদালতে স্বামীক কঠোৰ সকীয়নি প্ৰদান কৰে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে স্পষ্টকৈ জনায় যে পত্নীৰ ভৰণ-পোষণৰ ধন দিব নোৱাৰিলে স্বামীয়ে তেওঁক নিজৰ লগতে ৰাখিব লাগিব। স্বামীয়ে নিজৰ উপাৰ্জন অতি নগণ্য বুলি আদালতক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যদিও বিচাৰপীঠে সেই দাবী পোনচাটেই নাকচ কৰে। আজিৰ যুগত নূন্যতম মজুৰীতকৈ কম উপাৰ্জন কৰা কথাটো আদালতৰ বাবে বিশ্বাসযোগ্য নহয় বুলিও মন্তব্য কৰা হয়।

শুনানিৰ সময়ত স্বামীৰ অধিবক্তাই যুক্তি দিছিল যে তেওঁৰ মক্কেলে প্ৰকৃত আয়ৰ কথা কৈছে আৰু ইয়াৰ বাবে শপতনামা দাখিল কৰিবলৈও প্ৰস্তুত। ইয়াৰ প্ৰত্যুত্তৰত বিচাৰপীঠে কয়, “যদি স্বামীয়ে মাহিলী পইচা দিব নোৱাৰে, তেন্তে পত্নীক নিজৰ লগত ৰাখক যাতে তেওঁলোকৰ সন্তান আৰু পৰিয়ালৰ দায়িত্ব পালন কৰিব পাৰে।” পত্নীৰ ভৰণ-পোষণৰ বাবে স্বামীয়ে ধাৰ কৰি হ’লেও ধনৰ যোগাৰ কৰিব লাগিব বুলি আদালতে কঠোৰ স্থিতি গ্ৰহণ কৰে।

উল্লেখ্য যে, নিম্ন আদালতে পূৰ্বে ৬ লাখ টকাৰ বিনিময়ত বিবাহ বিচ্ছেদৰ নিৰ্দেশ দিছিল যদিও পত্নীয়ে সেই ধন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বৰঞ্চ পত্নীয়ে আদালতৰ সন্মুখত দুটা চৰ্ত ৰাখিছে- হয় স্বামীয়ে আজীৱন মাহিলী ১২ হাজাৰ টকাকৈ দিব লাগিব, নতুবা একেলগে ৩০ লাখ টকা পৰিশোধ কৰিব লাগিব। সকলো তথ্য আৰু যুক্তি পৰীক্ষা কৰি উচ্চতম ন্যায়ালয়ে বৰ্তমান গোচৰটোৰ ৰায়দান স্থগিত ৰাখিছে।

Leave a Comment