বক্সাৰঃ বিয়াৰ আনন্দ-উলাহৰ মাজতে হঠাৎ সংঘটিত গুলীচালনাত ৰভাতলীত ঢলি পৰিল কইনা! একপক্ষীয় প্ৰেমৰ ভয়ংকৰ পৰিণতিৰ সন্মুখীন হৈ এতিয়া জীৱন-মৃত্যুৰে যুঁজিছে ন-কইনাই। বিহাৰৰ বক্সাৰ জিলাত সংঘটিত এই চাঞ্চল্য্যকৰ ঘটনাৰ মূল অভিযুক্ত দীনবন্ধু চৌধুৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। একপক্ষীয় প্ৰেমৰ বাবেই এই নৃশংস কাণ্ড সংঘটিত কৰা দীনবন্ধুৱে মঙলবাৰে নিশা চাউছা অঞ্চলত কইনাগৰাকীক লক্ষ্য কৰি গুলী চলাই পলায়ন কৰিছিল।

ঘটনাৰ বিৱৰণি অনুসৰি, মুফচ্ছিল থানাৰ অন্তৰ্গত নন্দজী মাল্লাৰ কন্যাৰ বিবাহ অনুষ্ঠানত নিশা প্ৰায় ১১-৩০ বজাত এই অঘটন ঘটে। মুখ ঢাকি থকা অভিযুক্তই জয়মালাৰ মঞ্চত উঠি একেবাৰে ওচৰৰ পৰা কইনাৰ পেটত লক্ষ্য কৰি গুলী চলায়। গুলীচালনাৰ পাছতে বিবাহস্থলীত তীব্ৰ হাহাকাৰ আৰু হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয়। গুৰুতৰভাৱে আহত কইনাগৰাকীক লগে লগে বক্সাৰৰ সদৰ হাস্পতাললৈ লৈ যোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেওঁক বাৰাণসীলৈ প্ৰেৰণ কৰা হয়।
আৰক্ষী অধীক্ষক শুভম আৰ্যই এক সংবাদমেলত জানিবলৈ দিয়ে যে অভিযুক্তই সমগ্ৰ ঘটনাটো ফিল্মী কায়দাত সম্পন্ন কৰাৰ পৰিকল্পনা কৰিছিল।

তেওঁ কয়, “অভিযুক্তই কইনাগৰাকীক গুলীৰে থকা-সৰকা কৰাৰ লক্ষ্য লৈছিল। তেওঁৰ পিষ্টলত কেইবাটাও গুলী আছিল যদিও প্ৰথমটো গুলী চলোৱাৰ পাছতে পিষ্টলটো বিকল হৈ পৰে, যাৰ বাবে তেওঁ পলাই যাবলৈ বাধ্য হয়।”

তেওঁ লগতে কয়, “আৰক্ষীয়ে অভিযুক্তৰ পৰা ব্যৱহৃত দেশী পিষ্টল আৰু এটা খালী কাৰ্টিজ উদ্ধাৰ কৰিছে।” উত্তৰ প্ৰদেশৰ বালিয়া জিলাৰ পৰা আহিছিল এই বিবাহৰ বিৰাট বাহিনী। কিন্তু আনন্দৰ মুহূৰ্ততে এজন উন্মাদ যুৱকৰ এনে সন্ত্ৰাসে এতিয়া সমগ্ৰ অঞ্চলটোতে চাঞ্চল্য অব্যাহত ৰাখিছে।









