পুত্ৰ শোকত ভাঙি পৰা মাতৃকে আৰক্ষীয়ে সজাইছিল দোষী! অৱশেষত ৰায় সলনি আদালতৰ

নিউজ ডেস্কঃ একমাত্র পুত্ৰৰ বিয়োগত মাতৃ যি সময়ত শোকত ম্ৰিয়মান হ’ব লাগিছিল, সেই সময়তে আৰক্ষীৰ ভুল তদন্তই তেওঁক ঠেলি দিছিল কাৰাগাৰৰ কুঠৰীলৈ। পুত্ৰৰ মৃত্যুৰ গোচৰত অভিযুক্ত হৈ কাৰাবাস খটা অলকা জৈন নামৰ এগৰাকী দুৰ্ভগীয়া মাকৰ বিৰুদ্ধে থকা সকলো অভিযোগ খাৰিজ কৰে উচ্চ ন্যায়ালয়ে। শেহতীয়াভাৱে মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ গোৱালিয়ৰ খণ্ডপীঠে নিম্ন আদালতৰ কাৰ্যপ্ৰণালীক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে কেৱল কল্পনা আৰু সন্দেহৰ ওপৰত ভিত্তি কৰি এগৰাকী মাতৃক অপৰাধী সজাব নোৱাৰি।

image 71
পুত্ৰ শোকত ভাঙি পৰা মাতৃকে আৰক্ষীয়ে সজাইছিল দোষী! অৱশেষত ৰায় সলনি আদালতৰ 4

ঘটনা অনুসৰি, যোৱা বছৰৰ ১৪ ফেব্ৰুৱাৰীত মধ্য প্ৰদেশৰ গুণা চহৰৰ বাসিন্দা অলকা জৈনে নিজৰ ১৫ বছৰীয়া পুত্ৰ অভ্যুদ্যয়ক ঘৰৰ বাথৰুমত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰিছিল। মাক অলকাই লগে লগে পুত্ৰক চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসকে তাক মৃত ঘোষণা কৰে। মৰণোত্তৰ পৰীক্ষাত মৃত্যুৰ কাৰণ ‘ডিঙি চেপা’ বুলি উল্লেখ থকাৰ অজুহাতত গুণা আৰক্ষীয়ে কোনো চাক্ষুষ প্ৰমাণ নোহোৱাকৈয়ে মাতৃ অলকাক ৮ মাৰ্চত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।

image 72
পুত্ৰ শোকত ভাঙি পৰা মাতৃকে আৰক্ষীয়ে সজাইছিল দোষী! অৱশেষত ৰায় সলনি আদালতৰ 5

এই অন্যায়ৰ বিৰুদ্ধে অলকাৰ স্বামীয়ে আৰক্ষী মুখ্য কাৰ্যালয়ত অভিযোগ দিয়াত এক বিশেষ তদন্তকাৰী দল গঠন কৰা হয়। তদন্তত পোহৰলৈ আহে যে অভ্যুদ্যয় পঢ়া-শুনাক লৈ মানসিক অৱসাদত আছিল আৰু তাৰ বাবেই সি আত্মহননৰ পথ বাচি লৈছিল। মাতৃৰ বিৰুদ্ধে কোনো তথ্য নাপাই আৰক্ষীয়ে আদালতত ‘খাতিমা ৰিপৰ্ট’ বা চূড়ান্ত ৰিপৰ্ট দাখিল কৰে যদিও গুণাৰ মুখ্য ন্যায়িক দণ্ডাধীশে কোনো যুক্তি নোহোৱাকৈয়ে সেয়া খাৰিজ কৰি মাতৃৰ বিৰুদ্ধে গোচৰ চলাবলৈ নিৰ্দেশ দিয়ে।

image 73
পুত্ৰ শোকত ভাঙি পৰা মাতৃকে আৰক্ষীয়ে সজাইছিল দোষী! অৱশেষত ৰায় সলনি আদালতৰ 6

নিম্ন আদালতৰ এই নিৰ্দেশক তীব্ৰ সমালোচনা কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিলিন্দ ৰমেশ ফড়কেৰ বিচাৰপীঠে কয়, “নিম্ন আদালতৰ এই সিদ্ধান্ত সম্পূৰ্ণৰূপে কাল্পনিক ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত আছিল।” তেওঁ লগতে কয়, “চিকিৎসা বিশেষজ্ঞৰ প্ৰতিবেদনক আওকাণ কৰি কেৱল সন্দেহৰ বশৱৰ্তী হৈ এগৰাকী মাতৃক অপৰাধীৰ কাঠগড়াত থিয় কৰাব নোৱাৰি।” উচ্চ ন্যায়ালয়ে অলকা জৈনৰ বিৰুদ্ধে চলি থকা সকলো অপৰাধমূলক গোচৰ চিৰদিনৰ বাবে বাতিল কৰাৰ লগতে নিম্ন আদালতৰ ৯ মে’ৰ সেই নিৰ্দেশটোও খাৰিজ কৰে।

Leave a Comment