জুপুৰীৰ পৰা বিলাসী অট্টালিকালৈ… দুই ভগ্নীৰ উত্তৰণৰ ভয়ংকৰ কাহিনীত স্তম্ভিত দেশ, গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ বস্তিৰ জুপুৰীৰ জীৱনৰ পৰা বিলাসী অট্টালিকালৈ- দুই ভগ্নীৰ ঈৰ্ষণীয় যাত্ৰাৰ আঁৰৰ কাহিনীয়ে এতিয়া দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। কিন্তু এই ৰাজকীয় বিলাসিতাৰ অন্তৰালত যে কিমান সৰল যুৱতীৰ চকুলো আৰু যৌন নিৰ্যাতনৰ কৰুণ ইতিহাস লুকাই আছিল, সেয়া পোহৰলৈ অহাৰ লগে লগে এতিয়া স্তম্ভিত হৈ পৰিছে আৰক্ষী।

মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত চাকৰিৰ প্ৰলোভনেৰে যুৱতীক ধৰ্ষণ, ধৰ্মান্তৰকৰণ আৰু দেহ ব্যৱসায়ৰ অন্ধকাৰ জগতলৈ ঠেলি দিয়াৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আমৰীন, আফৰীন নামৰ দুই ভগ্নীৰ লগতে তেওঁলোকৰ সহযোগী চন্দন যাদৱক।

পূৰ্বে এটা স্পা চেণ্টাৰত সামান্য কৰ্মচাৰী হিচাপে কাম কৰা এই দুই ভগ্নীৰ বিলাসিতাৰ আঁৰত আছিল ব্ল্যাকমেইলিং আৰু অবৈধ ব্যৱসায়ৰ এক বিশাল নেটৱৰ্ক। অতি কম সময়ৰ ভিতৰতে ধনৰ পাহাৰ গঢ়া আমৰীন আৰু আফৰীনে জুপুৰীৰ পৰা ওলাই আহি এক বিলাসী জীৱন অতিবাহিত কৰিছিল। আৰক্ষীৰ অভিযোগ অনুসৰি, তেওঁলোকে সাধাৰণ যুৱতীসকলক চাকৰিৰ প্ৰলোভনেৰে নিজৰ ঘৰত আশ্ৰয় দি চন্দন যাদৱৰ দ্বাৰা নিৰ্যাতন চলাইছিল।

image 66
জুপুৰীৰ পৰা বিলাসী অট্টালিকালৈ… দুই ভগ্নীৰ উত্তৰণৰ ভয়ংকৰ কাহিনীত স্তম্ভিত দেশ, গ্ৰেপ্তাৰ 3

ভুক্তভোগী যুৱতীসকলে আৰক্ষীৰ ওচৰত দিয়া ভাষ্য অনুসৰি, তেওঁলোকক নিচাজাতীয় দ্ৰব্য খুৱাই ধৰ্ষণ কৰাৰ লগতে ধৰ্ম সলনি কৰিবলৈ চৰম মানসিক চাপ দিয়া হৈছিল। চন্দন যাদৱে আমৰীনৰ প্ৰৰোচনাতে নিজৰ ধৰ্ম ত্যাগ কৰিছিল যদিও নামটো একেই ৰাখিছিল। আমৰীনে যুৱতীসকলক বিভিন্ন বাৰ-পাবলৈ লৈ গৈ অচিনাকি পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰাইছিল।

image 67
জুপুৰীৰ পৰা বিলাসী অট্টালিকালৈ… দুই ভগ্নীৰ উত্তৰণৰ ভয়ংকৰ কাহিনীত স্তম্ভিত দেশ, গ্ৰেপ্তাৰ 4

সোমবাৰে আদালতত হাজিৰ কৰোৱাৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা এই সমগ্ৰ ঘটনাটো এতিয়া দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। জানুৱাৰী মাহত এগৰাকী ভুক্তভোগী যুৱতীয়ে কোনোমতে প্ৰাণ ৰক্ষা কৰি পলাই গৈ আত্মীয়ক সকলো কথা জনোৱাৰ পাছতে এই ভয়ংকৰ চক্ৰটো ধৰা পৰে। আৰক্ষীয়ে বৰ্তমান তিনিওজন অভিযুক্তকে কঠোৰ জেৰা অব্যাহত ৰাখিছে।

Leave a Comment