চাৰি বছৰে ইচ্ছাকৃতভাৱে বন্ধ কৰি ৰখা হৈছিল দৰমহা! উপায়ন্তৰ হৈ অৱশেষত চৰম সিদ্ধান্ত শিক্ষকৰ

নিউজ ডেস্কঃ শিক্ষা বিভাগৰ বিষয়া আৰু একাংশ বাবুৰ বিৰুদ্ধে দুৰ্নীতিৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰি চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে কৃষ্ণ মোহন সিং নামৰ এজন শিক্ষকে। শনিবাৰে পুৱা উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ শাহপুৰ থানা অঞ্চলৰ শিৱপুৰ শ্বাহবাজগঞ্জত ৩৭ বছৰীয়া শিক্ষকগৰাকীৰ ওলমি থকা মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। মৃত্যুৰ পূৰ্বে শিক্ষকগৰাকীয়ে এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে বিভাগীয় কৰ্মচাৰীৰ প্ৰতাৰণাৰ কথা সদৰী কৰি থৈ যায়।

মূলতঃ কুশীনগৰৰ বাসিন্দা কৃষ্ণ মোহন সিঙে ২০১৬ চনত দেউৰীয়াৰ এখন বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰিছিল। পত্নী গুড়িয়াৰ অভিযোগ অনুসৰি, ২০২২ চনৰ পৰা শিক্ষকগৰাকীৰ দৰমহা বন্ধ হৈ আছিল আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো দেউৰীয়া বি এছ এ কাৰ্যালয়ৰ বিষয়াসকলে ধনৰ বিনিময়তহে দৰমহা মুকলি কৰি দিব বুলি চৰ্ত দিছিল। দৰমহা আৰু চাকৰিৰ নামত শিক্ষকগৰাকীয়ে ইতিপূৰ্বে ১৬ লাখ টকা দিছিল যদিও বিভাগে অধিক ২০ লাখ টকা দাবী কৰি তেওঁক নিৰন্তৰ মানসিক নিৰ্যাতন চলাই আহিছিল।

image 50
চাৰি বছৰে ইচ্ছাকৃতভাৱে বন্ধ কৰি ৰখা হৈছিল দৰমহা! উপায়ন্তৰ হৈ অৱশেষত চৰম সিদ্ধান্ত শিক্ষকৰ 2

শুকুৰবাৰে দেউৰীয়াৰ শিক্ষা বিভাগৰ কাৰ্যালয়ত শিক্ষকগৰাকীক মাতি নি তীব্ৰ অপমান কৰা হৈছিল, যাৰ বাবে তেওঁ গভীৰভাৱে মৰ্মাহত হৈ পৰিছিল। ভিডিঅ’টোত শিক্ষকগৰাকীয়ে চকুলো মচি কয়, “মই মৰিব নিবিচাৰোঁ, মোক ক্ষমা কৰি দিব। কিন্তু ১৬ লাখ টকা ডুব যোৱাৰ পাছত মোৰ হাতত আৰু কোনো পথ নাই।”

আৰক্ষীয়ে বৰ্তমান মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু চুইচাইড নোট তথা ভাইৰেল ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰি তদন্ত আৰম্ভ কৰিছে।

Leave a Comment