নতুন দিল্লীঃ দেশৰ নিৰাপত্তাৰ অতি স্পৰ্শকাতৰ দায়িত্বত নিয়োজিত হৈয়ো বিগত ১০ বছৰে কৰ্তব্যত অনুপস্থিত থকা পুনেৰ এগৰাকী স্পেচিয়েল ফৰ্চেছৰ বিষয়াক লৈ শেহতীয়াকৈ তৎপৰতা অৱলম্বন কৰিছে ভাৰতীয় সেনাই। পুনেৰ আউন্ধৰ নিবাসী তথা ২ পেৰা (স্পেচিয়েল ফৰ্চেছ)ৰ কেপ্তেইন শৰীফসিং ভোচলে নামৰ এই বিষয়াগৰাকীৰ বিৰুদ্ধে অৱশেষত সেনা বাহিনীয়ে কঠোৰ অনুশাসনমূলক পদক্ষেপ গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ২০১৪ চনৰ পৰাই কোনো ধৰণৰ চৰকাৰী অনুমতি অবিহনে সন্ধানহীন হৈ থকাৰ বাবে তেওঁক সামৰিক সেৱাৰ পৰা স্থায়ীভাৱে বৰ্খাস্ত কৰাৰ লক্ষ্যৰে সেনাই শেহতীয়াকৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।
২০০৯ চনত অভিজাত পেৰাচুট ৰেজিমেণ্টত কমিচন লাভ কৰা কেপ্তেইন ভোচলে নিৰুদ্দেশ হোৱাৰ সময়ত অৰুণাচল প্ৰদেশৰ ৰাজ্যপালৰ এড-ডি-কেম্প হিচাপে এক গুৰুত্বপূৰ্ণ দায়িত্বত আছিল। সামৰিক তদন্তত পোহৰলৈ আহিছে এক চাঞ্চল্য্যকৰ তথ্য। জানিব পৰা মতে, ২০১৪ চনৰ আগষ্ট মাহত বাৰ্ষিক ছুটিত থকাৰ সময়তে তেওঁ সামৰিক চোৰাংচোৱা শাখাৰ কোনো অনুমতি নোলোৱাকৈয়ে এখন আন্তঃৰাষ্ট্ৰীয় পেৰা-জাম্পিং ফেষ্টিভেলত অংশ ল’বলৈ স্পেইনলৈ উৰা মাৰিছিল। ইয়াৰ পাছৰে পৰা তেওঁ নিজৰ কৰ্তব্যত যোগদান কৰাৰ পৰিৱৰ্তে ৰহস্যজনকভাৱে বিদেশতে আত্মগোপন কৰি আছে।

সেনাৰ তথ্য অনুসৰি, কেপ্তেইন ভোচলেৰ শেষ অৱস্থিতি ছ’চিয়েল মিডিয়াৰ গতিবিধিৰ ওপৰত ভিত্তি কৰি নৰৱে’ত ধৰা পৰিছিল। যদিও ২০১৬ চনতে অসামৰিক আৰক্ষীক তেওঁক কৰায়ত্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল, তথাপিও যোৱা ১১ বছৰে তেওঁ সেনাৰ পৰিসৰৰ পৰা বাহিৰত আছে। সেনাধ্যক্ষই বিষয়াগৰাকীৰ এই দীৰ্ঘদিনীয়া অনুপস্থিতিক “চৰম দুৰাচাৰ” বুলি অভিহিত কৰিছে আৰু তেনে এজন ব্যক্তিক সেনা বাহিনীত ৰখাটো অনিচ্ছাজনক বুলি মন্তব্য কৰিছে।
অৱশেষত যোৱা ২৭ অক্টোবৰত প্ৰতিৰক্ষা মন্ত্ৰালয়ে (সেনা) পুনেস্থিত তেওঁৰ বাসগৃহলৈ এক চূড়ান্ত জাননী প্ৰেৰণ কৰিছে। এই জাননীত কেপ্তেইন ভোচলেৰ সামৰিক কেৰিয়াৰ কিয় অন্ত পেলোৱা নহ’ব, তাৰ উত্তৰ বিচাৰি ৩০ দিনৰ সময়সীমা বান্ধি দিয়া হৈছে। যদিহে নিৰ্ধাৰিত সময়ৰ ভিতৰত কোনো উত্তৰ লাভ কৰা নাযায়, তেন্তে সেনাই একপক্ষীয়ভাৱে তেওঁক সেৱাৰ পৰা বৰ্খাস্ত কৰিব। দেশৰ এগৰাকী অভিজাত কমাণ্ডোৰ এনে ৰহস্যজনক অন্তৰ্ধানৰ কাহিনীয়ে এতিয়া প্ৰতিৰক্ষা মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।









