নিউজ ডেস্কঃ প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল! ৰসৰাজ লক্ষ্মীনাথ বেজৰুৱাৰ কবিতাৰ এই পংক্তিয়েই যথেষ্ট প্ৰেমৰ মহত্ব বুজাবলৈ। কিন্তু এইবাৰ নিস্পাপ প্ৰেম নহয়, বৰঞ্চ প্ৰেমে নমাই অনা বিভীষিকাই আতংকিত কৰিছে সমগ্ৰ দেশবাসীক। প্ৰেমিক যুৱকৰ সৈতে একমাত্ৰ বিয়াত বহাৰ দুৰ্বাৰ ইচ্ছাৰ বাবেই এটা এটাকৈ পৰিয়ালৰ সাত সদস্যক নৃশংস হত্যা কৰিলে এগৰাকী যুৱতীয়ে। এই নৰ সংহাৰৰ পৰা বাচি নগ’ল ১১ মহীয়া দেৱশিশুও!
২০০৮ চনৰ ১৪ এপ্ৰিলৰ সেই বিভীষিকাময় নিশা উত্তৰ প্ৰদেশৰ অমৰোহাৰ বাৱনখেড়ী গাঁৱৰ বাবে আছিল এক বিভীষিকা সদৃশ। নিশা প্ৰায় ২ বজাত এগৰাকী যুৱতীৰ কৰুণ আৰ্তনাদত সমগ্ৰ গাঁওবাসীৰ টোপনি ভাঙিছিল। গাঁৱৰ প্ৰতিষ্ঠিত শিক্ষক শৌকত আলীৰ ঘৰৰ পৰা ভাঁহি অহা সেই চিঞৰ শুনি চুবুৰীয়াই লৰালৰি কৰি চোতাল পালেগৈ। তেওঁলোকে দেখিলে যে পৰিয়ালৰ জীয়ৰী শ্বৱনমে বেলকনিত থিয় হৈ বুকুত চপৰিয়াই কান্দি আছে আৰু কোনোবাই সকলোকে মাৰি পেলালে বুলি চিঞৰিছে।

কিন্তু যেতিয়া আৰক্ষী আৰু চুবুৰীয়াই ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে, তেতিয়া তেওঁলোকৰ চকু কপালত উঠিল। চাৰিটা পৃথক কোঠাত তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি আছিল সাতটাকৈ মৃতদেহ। শৌকত আলী, তেওঁৰ পত্নী, দুই পুত্ৰ, বোৱাৰী আৰু আনকি ১১ মহীয়া এটা কেঁচুৱাকো ডিঙি কাটি অতি নিষ্ঠুৰভাৱে হত্যা কৰা হৈছিল। সেই শিক্ষিত পৰিয়ালটোৰ একমাত্ৰ শ্বৱনমহে জীয়াই আছিল, যিয়ে ডকাইতৰ আক্ৰমণৰ এটা ভূৱা কাহিনী আৰক্ষীৰ আগত দাঙি ধৰিছিল।
আৰক্ষীৰ তদন্তত এই হত্যাকাণ্ডৰ আৰৰ ৰহস্য পোহৰলৈ আহে যেতিয়া মৰণোত্তৰ পৰীক্ষাত ধৰা পৰে যে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যকে নিশা অচেতন কৰাৰ বাবে ঔষধ খুওৱা হৈছিল। সন্দেহৰ আঙুলি শ্বৱনমৰ ফালে উঠাত আৰক্ষীয়ে কঠোৰ জেৰা আৰম্ভ কৰে। অৱশেষত পোহৰলৈ আহে যে শ্বৱনম আৰু গাওঁৰে চেলিম নামৰ এজন যুৱকৰ মাজত থকা প্ৰেমৰ সম্পৰ্ক পৰিয়ালে মানি নোলোৱাৰ বাবেই তেওঁলোকে এই ভয়ংকৰ পৰিকল্পনা কৰিছিল। শ্বৱনমে নিজেই পৰিয়ালৰ লোকক অচেতন কৰিছিল আৰু চেলিমে এখন কুঠাৰেৰে প্ৰতিজন সদস্যকে ঘপিয়াই হত্যা কৰিছিল।
নিজৰ অপৰাধ স্বীকাৰ কৰাৰ পাছত আদালতে দুয়োকে ফাঁচীৰ শাস্তি প্ৰদান কৰিছে। ২০১০ চনত জিলা আদালতে দিয়া এই ৰায়দান পাছলৈ উচ্চতম ন্যায়ালয়েও বাহাল ৰাখে। ৰাষ্ট্ৰপতিৰ ওচৰত আবেদন জনোৱা দয়াৰ পিটিচনো খাৰিজ কৰা হৈছে। বৰ্তমান কাৰাগাৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ হৈ থকা শ্বৱনম আৰু চেলিমে এতিয়া নিজৰ মৃত্যুৰ দিন গণিবলৈ বাধ্য হৈছে।









