হাতে হাতে লাঠি লৈ ভেলেণ্টাইন ডে’ত ‘বাণ্টী-বাবলী’ৰ সন্ধানত নামিছিল বজৰংগ দল! কিন্তু…

ভেলেণ্টাইন ডে’ৰ পুৱা লাঠী লৈ ত্ৰাস সৃষ্টি কৰিবলৈ অহা তথাকথিত ‘প্ৰেমৰ পহৰাদাৰী’ক শনিবাৰে উচিত শিক্ষা দিলে স্থানীয় ৰাইজে। ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ বিভিন্ন উদ্যানত বজৰংগ দলৰ সদস্য বুলি চিনাকি দি এদল যুৱকে হাতত লাঠী লৈ ‘বাণ্টি-বাবলী’ৰ সন্ধানত প্ৰেমিক যুগলসকলক ধমকি দিছিল। কিন্তু এইবাৰ পৰিস্থিতি সম্পূৰ্ণ ওলোটা হৈ পৰে। স্থানীয় সচেতন নাগৰিকে সেই যুৱকসকলৰ পৰাই ওলোটাই পৰিচয় পত্ৰ বিচাৰি মোবাইল কেমেৰাত তেওঁলোকৰ কাণ্ড বন্দী কৰিবলৈ আৰম্ভ কৰে।

জ্যোতিবা ফুলে চাৰিআলিৰ ওচৰৰ এখন উদ্যানত ডিঙিত গেৰুৱা বস্ত্ৰ লৈ একাংশ যুৱকে যুগলসকলক হাৰাশাস্তি কৰি তেওঁলোকৰ নাম সুধি হেঁচা প্ৰয়োগ কৰিছিল। এই দৃশ্য দেখি স্থানীয় লোকে বাধা দি উভতি প্ৰশ্ন কৰে যে আইন হাতত ল’বলৈ তেওঁলোকক কোনে অধিকাৰ দিছে। ৰাইজৰ দৃঢ় স্থিতি আৰু আৰক্ষীক খবৰ দিয়াৰ ভাবুকি পাই উদ্যানত ত্ৰাসৰ সৃষ্টি কৰিবলৈ অহা এই দলটোৱে সেই ঠাইৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়।

image 1 2
হাতে হাতে লাঠি লৈ ভেলেণ্টাইন ডে’ত 'বাণ্টী-বাবলী’ৰ সন্ধানত নামিছিল বজৰংগ দল! কিন্তু… 2

একে ধৰণৰ আন এক নাটকীয় পৰিস্থিতি মানসৰোবৰৰ চিটি পাৰ্কত দেখিবলৈ পোৱা যায়। য’ত কিছুমান মহিলা আৰু যুৱকে ‘য’ত পাম তাতেই হাড়-মূৰ ভাঙি দিম’ বুলি শ্ল’গান দি যুৱক-যুৱতীসকলৰ পৰা আধাৰ কাৰ্ড বিচাৰে। এই সময়ত এগৰাকী যুৱতীৰ সৈতে তেওঁলোকৰ তীব্ৰ বাক-বিতণ্ডাৰ লগতে টনা-আঁজোৰাৰো সৃষ্টি হয়।

সামাজিক মাধ্যমত এই সমগ্ৰ কাণ্ডৰ ভিডিঅ’সমূহ ভাইৰেল হৈ পৰাৰ পাছত এতিয়া একাংশই আৰক্ষীৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে। ৰাজস্থান আৰক্ষীৰ ফালৰ পৰা এই বিষয়ত বৰ্তমানলৈকে কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ পোৱা নাই যদিও ভাইৰেল ভিডিঅ’ই ‘মৰেল পুলিচিং’ৰ নামত চলা গুণ্ডাগিৰিৰ মুখা খুলিছে।

Leave a Comment