নিউজ ডেস্কঃ মহাশিৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত ভগৱান শিৱৰ পৰিৱৰ্তে দক্ষিণ ভাৰতৰ ছুপাৰষ্টাৰ ৰজনীকান্তক ঈশ্বৰ জ্ঞান কৰি পূজা-অৰ্চনা কৰা এক ঘটনাই শনিবাৰে সমগ্ৰ তামিলনাডুতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। মদুৰাইৰ কাৰ্তিক নামৰ এজন যুৱকে নিজৰ ঘৰৰ মন্দিৰত ‘থলাইৱা’ৰ ফটো স্থাপন কৰি সম্পূৰ্ণ বিধি-বিধানেৰে এই পূজা সম্পন্ন কৰে। সামাজিক মাধ্যমত এই পূজাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ লগে লগে নেটিজেনসকলৰ মাজত তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে।
জানিব পৰা মতে, কাৰ্তিক নামৰ এই অনুৰাগীজনে বিগত তিনি বছৰ ধৰি মহাশিৱৰাত্ৰিৰ দিনা ৰজনীকান্তক পূজা কৰি আহিছে। এইবাৰ তেওঁ অভিনেতাগৰাকীৰ ছুপাৰহিট ছবি ‘উঝাইপ্পালী’ৰ সেইটো ৰূপ নিৰ্বাচন কৰিছে, য’ত ৰজনীকান্তক ভগৱান শিৱৰ বেশত দেখা গৈছিল। কাৰ্তিকৰ মতে, ৰজনীকান্ত তেওঁৰ বাবে কেৱল এজন অভিনেতা নহয়, বৰঞ্চ তেওঁ আস্থা আৰু প্ৰেৰণাৰ প্ৰতীক।

ভাৰতীয় চিনেমা জগতত ৰজনীকান্তৰ ৫০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ হোৱাৰ উপলক্ষ্যে এইবাৰৰ পূজা আছিল অধিক আড়ম্বৰপূৰ্ণ। এই ঐতিহাসিক সাফল্যৰ উদযাপন হিচাপে অনুৰাগীজনে ৫০০ টা ‘বৰা’ৰে তৈয়াৰী এক বিশাল মালা ৰজনীকান্তৰ ফটোত অৰ্পণ কৰে। ইয়াৰ উপৰি থলাইৱাৰ পোষ্টাৰত গাখীৰেৰে অভিষেক কৰি তেওঁৰ দীৰ্ঘায়ু কামনা কৰে কাৰ্তিক আৰু তেওঁৰ পৰিয়ালে।
অৱশ্যে এই কাৰ্যই ভক্তসকলৰ মাজত তীব্ৰ বিতৰ্কৰ সূচনা কৰিছে। সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰীসকলে ইয়াক ধৰ্মৰ অপমান বুলি অভিহিত কৰিছে। এজন ব্যৱহাৰকাৰীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে মহাদেৱৰ স্থান কোনেও ল’ব নোৱাৰে আৰু এনেধৰণৰ অন্ধভক্তি হাস্যকৰ। আনহাতে, বহুতে ইয়াক এগৰাকী অভিনেতাৰ প্ৰতি থকা উন্মাদনাৰ এক চৰম নিদৰ্শন বুলিও মন্তব্য কৰিছে।









