গৰ্ভৱতী কৰিলেই লাভ কৰিব লাখ লাখ টকা! অৱশেষত আৰক্ষীৰ জালত ‘প্ৰেগনেন্ট জব চাৰ্ভিচ’ৰ ৫ প্ৰৱঞ্চক

নিউজ ডেস্কঃ নিসন্তান মহিলাক গৰ্ভৱতী কৰি দিলেই বিনিময়ত লাভ কৰিব পাৰিব শকত ধনৰাশি- এনে এক ভুৱা প্ৰলোভনেৰে হোৱাটছএপত প্ৰৱঞ্চনাৰ জাল পেলোৱা এটা বৃহৎ চক্ৰৰ বিৰুদ্ধে বিহাৰৰ আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা। বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল লোকসকলক লক্ষ্য কৰি চলোৱা এই ভয়ংকৰ চাইবাৰ অপৰাধৰ সৈতে জড়িত এজন নাবালকসহ মুঠ পাঁচজন সদস্যক নালন্দা জিলাৰ কতৰীসৰাই থানা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। কোনো আধুনিক কাৰ্যালয়ৰ পৰা নহয়, বৰঞ্চ এক গোপন পথাৰৰ মাজত বহি এই প্ৰৱঞ্চকৰ দলটোৱে চলাই আছিল তেওঁলোকৰ সমগ্ৰ কাৰ্যকলাপ।

আৰক্ষীৰ পৰা জানিব পৰা মতে, সুন্দৰপুৰ গাঁৱৰ পথাৰত কেইবাজনো সন্দেহযুক্ত যুৱক সক্ৰিয় হৈ থকাৰ খবৰ পাই আৰক্ষীয়ে অভিযান চলাই প্ৰভাত কুমাৰ, নিতীশ কুমাৰ, প্ৰীতম কুমাৰ আৰু অনিল কুমাৰক কৰায়ত্ত কৰে। তেওঁলোকৰ পৰা ৭টা মোবাইল ফোন, কেইবাখনো চিম কাৰ্ড আৰু বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হৈছে। এই চক্ৰটোৱে হোৱাটছএপৰ জৰিয়তে যুৱতীৰ ছবি প্ৰেৰণ কৰি যুৱকসকলক ‘গৰ্ভৱতী কৰোৱা কাম’ৰ বাবে আকৰ্ষিত কৰিছিল আৰু পঞ্জীয়ন শুল্ক বা প্ৰচেছিং ফীৰ নামত মোটা অংকৰ ধন সংগ্ৰহ কৰি আহিছিল।

বিহাৰত এইটো এনেধৰণৰ প্ৰথম ঘটনা নহয়, ইয়াৰ পূৰ্বে নৱাদা জিলাতো ‘অল ইণ্ডিয়া প্ৰেগনেন্ট জব চাৰ্ভিচ’ৰ নামত ১০ লাখ টকা পৰ্যন্ত দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকা লুট কৰাৰ তথ্য পোহৰলৈ আহিছিল। এই চক্ৰটোৱে লোকসকলক বুজাইছিল যে নিঃসন্তান মহিলাসকলে নিজৰ পৰিচয় গোপন ৰাখি সন্তান বিচাৰে আৰু তাৰ বাবে তেওঁলোকে যিকোনো পৰিমাণৰ ধন দিবলৈ সাজু। এনে অদ্ভুত প্ৰলোভনৰ ফান্দত পৰি বহু নিবনুৱা যুৱকে নিজৰ সাঁচতীয়া ধন হেৰুৱাইছে।

আৰক্ষী অধীক্ষকৰ নিৰ্দেশত বৰ্তমান এই সমগ্ৰ নেটৱৰ্কটোৰ লগতে অভিযুক্তসকলৰ বেংক একাউণ্টসমূহো তদন্তৰ আওতালৈ অনা হৈছে। এনেধৰণৰ যিকোনো ভুৱা ফোন কল বা ছচিয়েল মিডিয়া লিংকৰ পৰা সাৱধান হ’বলৈ আৰক্ষীয়ে সৰ্বসাধাৰণ ৰাইজক আহ্বান জনাইছে। কোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা নিদিয়াকৈ চাকৰি পোৱাৰ দৰেই এই ‘প্ৰেগনেন্ট জব চাৰ্ভিচ’বোৰ চাইবাৰ প্ৰৱঞ্চনাৰ এক সুপৰিকল্পিত জাল বুলি আৰক্ষীয়ে সঁকিয়াই দিছে।

Leave a Comment