ENGLISH

আহমেদাবাদ বিমান দুৰ্ঘটনাৰ তদন্তত চাঞ্চল্যকৰ তথ্য! যান্ত্ৰিক বিজুতি নহয়, পাইলটে ইচ্ছাকৃতভাৱে কৰিছিল এই কাম…

নিউজ ডেস্কঃ ২৬০ গৰাকী যাত্ৰীৰ অকাল মৃত্যুৰ হৈ পৰা আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ তদন্তত এতিয়া পোহৰলৈ আহিছে এক বিস্ফোৰক তথ্য। কৰুণ মৃত্যুক লৈ আহমেদাবাদত চলি থকা বিমান দুৰ্ঘটনাৰ তদন্তত এতিয়া ধৰা পৰিছে এক বিস্ফোৰক তথ্য।

ইটালীৰ এক আগশাৰীৰ বাতৰি কাকতৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে যোৱা ১২ জুনত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বোয়িং ৭৮৭ ড্ৰিমলাইনাৰৰ সেই শোকাৱহ দুৰ্যোগ কোনো যান্ত্ৰিক বিজুতিৰ বাবে নহয়, বৰঞ্চ পাইলটৰ ইচ্ছাকৃত কাৰ্যৰ বাবেহে সংঘটিত হৈছিল। আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মৰাৰ মাত্ৰ কেইছেকেণ্ডমানৰ পাছতে এখন চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত খুন্দা মৰা এই দুৰ্ঘটনাই সমগ্ৰ দেশক জোকাৰি গৈছিল।

image 15

তদন্তকাৰী সংস্থা এএআইবিয়ে সংগ্ৰহ কৰা ককপিটৰ ভয়েচ ৰেকৰ্ডিং অনুসৰি, এজন পাইলটে আনজনক ইন্ধন কিয় বন্ধ কৰিলে বুলি প্ৰশ্ন কৰাৰ কথোপকথন স্পষ্টকৈ শুনিবলৈ পোৱা গৈছে। ইটালীৰ বাতৰি কাকত ‘ডেলী কোৰিয়েৰে ডেলা চেৰা’ই নতুন দিল্লী আৰু ৱাশ্বিংটনৰ মাজত হোৱা গোপন আলোচনাৰ উদ্ধৃতি দি এই দুৰ্ঘটনাৰ বাবে কেপ্তেইন সুমিত সভাৰৱালক সন্দেহৰ আৱৰ্তলৈ আনিছে।

প্ৰতিবেদনত দাবী কৰা হৈছে যে ককপিটৰ পৰা ইন্ধন সৰবৰাহৰ চুইচ মেনুৱেলি বন্ধ কৰি দিয়াৰ ফলতহে বিমানখনৰ দুয়োটা ইঞ্জিন বিকল হৈ পৰিছিল।

image 16

প্ৰতিবেদনখনত অধিক দাবী কৰা হৈছে যে কেপ্তেইন সুমিত সভাৰৱাল সেই সময়ত ব্যক্তিগত কাৰণত তীব্ৰ মানসিক হতাশাত ভুগি আছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে তেওঁ এনে চৰম পদক্ষেপ লৈছিল। “তুমি কিয় ইন্ধন বন্ধ কৰিলা?” বুলি এজন পাইলটে কৰা প্ৰশ্নৰ উত্তৰত আনজনে অস্বীকাৰ কৰিছিল যদিও ব্লেক বক্সৰ তথ্যই যান্ত্ৰিক ত্ৰুটিৰ সম্ভাৱনা নুই কৰিছে। অৱশ্যে পাইলট সংস্থাসমূহ আৰু কেপ্তেইন সভাৰৱালৰ পিতৃয়ে এই অভিযোগসমূহ ইতিমধ্যে ভিত্তিহীন বুলি অভিহিত কৰিছে।

বৰ্তমান অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এই সমগ্ৰ ঘটনাৰ চৰকাৰী তদন্ত অব্যাহত ৰাখিছে। এই ভয়ংকৰ দুৰ্ঘটনাটোত ২৬০ গৰাকী লোকৰ মৃত্যু হ’লেও বিশ্বাসকুমাৰ ৰমেশ নামৰ এজন যাত্ৰীৰ অলৌকিকভাৱে প্ৰাণ ৰক্ষা পৰে। তদন্তৰ চূড়ান্ত প্ৰতিবেদনত পাইলটসকলৰ মানসিক স্বাস্থ্যৰ নিয়মিত পৰীক্ষা আৰু নিৰীক্ষণৰ বাবে কঠোৰ পৰামৰ্শ আগবঢ়োৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *