৫ কোটি টকাৰ বাবে কাৰাদণ্ড ৰাজপালক! ছবিৰ বাবে লাভ কৰে তেওঁ কিমান পাৰিশ্ৰমিক?

নিউজ ডেস্কঃ বলীউডৰ জনপ্ৰিয় কৌতুক অভিনেতা ৰাজপাল যাদৱে বৰ্তমান কাৰাগাৰৰ অন্ধকাৰত দিন কটাইছে যদিও তেওঁৰ আৰ্থিক সংকটক লৈ এতিয়া চৰ্চা চলিছে সৰ্বত্ৰে। ৫ কোটি টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে তিহাৰ কাৰাগাৰত ছয় মাহৰ কাৰাবাস খাটিবলগীয়া হোৱা অভিনেতাগৰাকীৰ শেহতীয়া ছবিসমূহৰ পৰা হোৱা উপাৰ্জনৰ পৰিসংখ্যাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে। পৰ্দাত সদায় দৰ্শকক হঁহুৱাই অহা এইগৰাকী শিল্পীৰ উপাৰ্জন ছবিজগতৰ শীৰ্ষ তাৰকাসকলৰ তুলনাত যে অতি নগণ্য, সেই কথা এতিয়া স্পষ্ট হৈ পৰিছে।

মঙলবাৰে পোহৰলৈ অহা তথ্য অনুসৰি, ২০২৩ চনৰ পৰা ২০২৫ চনৰ ভিতৰত মুক্তি পোৱা পাঁচখন প্ৰধান ছবিৰ পৰা ৰাজপালে মুঠ ৭ ৰ পৰা ৮ কোটি টকা লাভ কৰিছিল। ‘ভুল ভুলাইয়া ৩’ৰ বাবে তেওঁ প্ৰায় ২ ৰ পৰা ৩ কোটি টকা লাভ কৰাৰ বিপৰীতে ‘চান্দু চেম্পিয়ন’ৰ বাবে ২ কোটি আৰু ‘ড্ৰিম গার্ল ২’, ‘কঠল’ তথা ‘বেবী জন’ৰ বাবে ১ কোটি টকাকৈ পাৰিশ্ৰমিক পাইছিল।

মন কৰিবলগীয়া যে, যিখন ছবিত এজন মূল অভিনেতাৰ পাৰিশ্ৰমিক ২৫ কোটি টকা হয়, সেই একেখন ছবিতেই ৰাজপালৰ দৰে জ্যেষ্ঠ শিল্পীয়ে লাভ কৰে মাত্ৰ ১ কোটি টকা, যিটো মূল অভিনেতাৰ উপাৰ্জনৰ মাত্ৰ চাৰি শতাংশ।

ৰাজপাল যাদৱৰ এই আৰ্থিক বিপৰ্যয়ৰ মূল কাৰণ আছিল ২০১০ চনত তেওঁৰ নিজৰ প্ৰডাকচন হাউচৰ বেনাৰত নিৰ্মাণ কৰা এখন চিনেমা। ছবিখন বক্স অফিচত ব্যৰ্থ হোৱাৰ ফলত ধাৰৰ বোজা ক্ৰমান্বয়ে বাঢ়ি গৈছিল আৰু পৰৱৰ্তী সময়ত ই আইনী গোচৰত পৰিণত হয়।

এই ঘটনাই বলীউডৰ গ্লেমাৰ জগতৰ আঁৰত থকা অৰ্থনৈতিক বৈষম্যৰ এখন কদৰ্য ছবি উদঙাই দিছে। জনপ্ৰিয়তা থকা সত্ত্বেও এজন সহ-অভিনেতাই কিদৰে আৰ্থিক সংকটৰ বলি হ’বলগীয়া হৈছে, সেয়া এতিয়া বলীউডৰ বাবে এক চিন্তনীয় বিষয় হৈ পৰিছে।

Leave a Comment