অসমীয়াৰাষ্ট্ৰীয়

মাত্ৰ ২০ টকাৰ বাবে ৩০ বছৰীয়া যুঁজ; নিৰ্দোষী সাব্যস্ত হোৱাৰ পাছদিনাই কৰুণ মৃত্যু

নিউজ ডেস্কঃ নিকা ভাবমূৰ্তিৰে মৃত্যুক সাবটি লোৱাৰ এক মৰ্মান্তিক সপোন যেন আজি বাস্তৱত পৰিণত হ’ল। মাত্ৰ ২০ টকা উৎকোচ লোৱাৰ মিছা অভিযোগত সুদীৰ্ঘ ৩০ বছৰ ধৰি আইনী যুঁজ দি অহা গুজৰাটৰ এজন প্ৰাক্তন আৰক্ষী কনিষ্টবলক যোৱা ৪ ফেব্ৰুৱাৰীত গুজৰাট উচ্চ ন্যায়ালয়ে নিৰ্দোষী সাব্যস্ত কৰে। কিন্তু নিয়তিৰ কি পৰিহাস, কলংকিত জীৱনৰ পৰা মুক্তি পোৱাৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় বাবুভাই প্ৰজাপতি নামৰ ব্যক্তিজনে।

উল্লেখ্য যে, ১৯৯৬ চনত আহমেদাবাদত কৰ্তব্যৰত অৱস্থাত বাবুভাইৰ বিৰুদ্ধে মাত্ৰ ২০ টকা উৎকোচ লোৱাৰ অভিযোগত দুৰ্নীতি নিবাৰক আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। ২০০৪ চনত চেচন আদালতে তেওঁক চাৰি বছৰৰ কাৰাদণ্ড বিহিছিল, যাক প্ৰত্যাহ্বান জনাই তেওঁ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। সুদীৰ্ঘ ২২ বছৰ ধৰি উচ্চ ন্যায়ালয়ত ওলমি থকা এই আপীলৰ শেহতীয়াকৈ ৰায়দান কৰি আদালতে কয় যে সাক্ষীৰ ভাষ্যত গুৰুতৰ অমিল আছে আৰু অভিযুক্তৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই।

আদালতৰ ৰায়ৰ পাছত অধিবক্তাৰ কাৰ্যালয়ত উপস্থিত হৈ আৱেগিক হৈ পৰা প্ৰজাপতিয়ে কৈছিল, “মোৰ জীৱনৰ পৰা এতিয়া কলংক মচ খাই গ’ল। এতিয়া যদি ভগৱানে মোক লৈও যায়, মোৰ কোনো দুখ নাই।” তেওঁৰ এই কথাই যেন এক মৰ্মান্তিক ভৱিষ্যদ্বাণী আছিল। কাৰণ সেইদিনা আনন্দ মনেৰে ঘৰলৈ উভতি যোৱাৰ পাছদিনাই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

তেওঁৰ অধিবক্তা নীতিন গান্ধীয়ে জনোৱা মতে, চৰকাৰী সা-সুবিধাসমূহৰ বাবে আবেদন কৰিবলৈ তেওঁ বাবুভাইলৈ ফোন কৰিছিল, কিন্তু পৰিয়ালে তেওঁৰ মৃত্যুৰ খবৰহে দিয়ে। ৩০ বছৰ ধৰি সামাজিক ঘৃণা আৰু আইনী মেৰপাকত বন্দী হৈ থকা এজন নিৰ্দোষী ব্যক্তিৰ এনে কৰুণ সমাপ্তিয়ে এতিয়া সকলোৰে চকু সেমেকাই তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *